ETV Bharat / state

মাজবাট সমষ্টিৰ প্ৰাক্তন বিধায়ক কৰেন্দ্ৰ বসুমতাৰীৰ দেহাৱসান - Karendra Basumatary was suffering from cancer

মাজবাট সমষ্টিৰ প্ৰাক্তন বিধায়ক কৰেন্দ্ৰ বসুমতাৰীৰ দেহাৱসান (Former MLA Karendra Basumatary Passes Away)। সোমবাৰে বিয়লি মৃত্যু হয় প্ৰাক্তন বিধায়ক গৰাকীৰ । দীৰ্ঘদিনৰ পৰা বি বৰুৱা কেঞ্চাৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত আছিল প্ৰাক্তন বিধায়ক গৰাকী । নেতাগৰাকীৰ মৃত্যুত ৰাজনীতি জগতৰ লগতে ৰাজ্যৰ বিভিন্ন জনে কৰিছে শোক প্ৰকাশ ।

Former MLA Karendra Basumatary passed away
মাজবাট সমষ্টিৰ প্ৰাক্তন বিধায়ক কৰেন্দ্ৰ বসুমতাৰীৰ দেহাৱসান
author img

By

Published : Oct 4, 2022, 7:48 AM IST

Updated : Oct 4, 2022, 1:36 PM IST

ৰৌতা, 04 অক্টোবৰ: মহাষ্টমীৰ দিনটোতে ৰাজ্যৰ ৰাজনীতিত শোক ছাঁ ।‌ মাজবাট সমষ্টিৰ প্ৰাক্তন বিধায়ক কৰেন্দ্ৰ বসুমতাৰীৰ দেহাৱসান (Former MLA Karendra Basumatary Passes Away)। সোমবাৰে বিয়লি মৃত্যু হয় প্ৰাক্তন বিধায়ক গৰাকীৰ । দীৰ্ঘদিনৰ পৰা বি বৰুৱা কেঞ্চাৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত আছিল প্ৰাক্তন বিধায়ক গৰাকী । নেতাগৰাকীৰ মৃত্যুত ৰাজনীতি জগতৰ লগতে ৰাজ্যৰ বিভিন্ন জনে কৰিছে শোক প্ৰকাশ (Former Assam MLA Karendra Basumatary passes away)।

প্ৰাক্তন বিধায়কগৰকীয়ে দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছিল কৰ্কট ৰোগত (Karendra Basumatary was suffering from cancer) ৷ গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত আছিল যদিও সুস্থ নোহোৱাত চিকিৎসকৰ পৰামৰ্শ অনুসৰি সোমবাৰে বিয়লি তেখেতক ঘৰলৈ আনি থকা অৱস্থাত আদবাটতে কৰেন্দ্ৰ বসুমতাৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে (Former Mazbat MLA Karendra Basumatary passes away at 71)।

মাজবাট সমষ্টিৰ প্ৰাক্তন বিধায়ক কৰেন্দ্ৰ বসুমতাৰীৰ দেহাৱসান

প্ৰয়াত বসুমতাৰী বড়ো আন্দোলনৰ আছিল এগৰাকী অন্যতম নেতা । নিখিল বড়ো ছাত্ৰ সন্থাৰ দ্বাৰা গঠিত বড়োলেণ্ড লেজিছলেশ্বাৰ পাৰ্টিৰ জড়িয়তে সক্ৰিয় ৰাজনীতিত আত্মপ্ৰকাশ কৰিছিল এইগৰাকী নেতাই । ১৯৯১ চনত প্ৰথম বাৰৰ বাবে পানেৰী বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল বসুমতাৰী । ২০০১ চনত দ্বিতীয় বাৰৰ বাবে মাজবাট বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় বিধায়ক হিচাবে নিৰ্বাচিত হোৱা বসুমতাৰীয়ে ২০০৬ চনত তৃতীয় বাৰৰ বাবে পুনৰ বিধায়ক হিচাবে নিৰ্বাচিত হয় ।

ইয়াৰ পূৰ্বে ১৯৮৩ পৰা ১৯৮৬ চনলৈকে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল কৰেন্দ্ৰ বসুমতাৰীয়ে । তেখেতে সক্ৰিয় ৰাজনীতিত অংশ গ্ৰহন কৰাৰ পূৰ্বে বড়ো বাজাৰ হাইস্কুলত কৰিছিল শিক্ষকতাও ।

তেখেতৰ বিয়োগে ৰাজ্যৰ ৰাজনীতিত শোকৰ ছাঁ পেলোৱাৰ লগতে বিভিন্ন ৰাজনৈতিক দল-সংগঠন, ছাত্ৰ সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে । প্ৰাক্তন বিধায়ক গৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে-লগে তেখেতৰ ৰৌতাস্থিত বাসগৃহত অজস্ৰ গুণমুগ্ধই উপস্থিত হৈ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে ।

প্ৰাক্তন বিধায়ক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিলে প্ৰমোদ বড়োয়ে ৷ নিশাই বিটিচি প্ৰধানগৰাকীয়ে কৰেন্দ্ৰ বসুমতাৰীৰ ঘৰত উপস্থিত হৈ তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে প্ৰাক্তন বিধায়কগৰাকীৰ মৃত্যু বড়ো সমাজৰ বাবে এক বৃহৎ ক্ষতি বুলি মন্তব্য কৰে । কৰেন্দ্ৰ বসুমতাৰী এগৰাকী দূৰদৰ্শী নেতাৰ লগতে সিদ্ধান্ত দিব পৰা নেতা আছিল । তেওঁৰ নীতি আদৰ্শ আৰু বড়ো জাতিৰ বাবে আগবঢ়োৱা অৱদান জীয়াই ৰখাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বিটিচি চৰকাৰে । কৰেন্দ্ৰ বসুমতাৰীৰ ঘৰত উপস্থিত হৈ তেখেতৰ প্ৰতি শেষ শ্ৰদ্ধা জনাই এই মন্তব্য প্ৰমোদ বড়োৰ ।

মঙ্গলবাৰে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াবৰ্গৰ লগতে গুণমুগ্ধসকলৰ উপস্থিতিৰ তেখেতৰ ৰৌতাৰ জন্মস্থান ডিয়াবাৰীত শেষকৃত সম্পন্ন কৰা হ’ব । জ্যেষ্ঠ নেতাগৰাকীৰ মৃত্যুত তেখেতলৈ শ্ৰদ্ধা জনাই বিটিচি চৰকাৰে অহা ৬ ছেপ্টেম্বৰত বিটিচি বন্ধ ৰখাৰ লগতে শোক দিৱস পালন কৰিব ।

লগতে পঢ়ক: ভাষা আন্দোলনৰ সক্ৰিয় কৰ্মী তুৱা বৰাৰ দেহাৱসান

Last Updated : Oct 4, 2022, 1:36 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.