ETV Bharat / state

অগ্নিকাণ্ড: টংলাত জুইত জাহ 4 টাকৈ পৰিয়ালৰ বাসগৃহ - চিলিণ্ডাৰ বিস্ফোৰিত

মঙলবাৰে নিশা ওদালগুৰিৰ টংলাৰ জালুকবাৰী পুজাখলা অঞ্চলত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ ফলত 4 টা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যোৱাৰ লগতে বিস্ফোৰিত হয় কেইবাটাও চিলিণ্ডাৰ । অঞ্চলটোৰ ফকিৰা আনচাৰি নামৰ লোকজনৰ বাসগৃহত প্ৰথমে জুইৰ সূত্ৰপাত জুইৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে ৷

টংলাত জুইত জাহ 4 টাকৈ পৰিয়ালৰ বাসগৃহ
টংলাত জুইত জাহ 4 টাকৈ পৰিয়ালৰ বাসগৃহ
author img

By

Published : May 27, 2020, 11:12 AM IST

ওদালগুৰি, 27 মে’: লক ডাউনৰ মাজতে ওদালগুৰি জিলাৰ টংলাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। মঙলবাৰে নিশা 9.30 মান বজাত টংলাৰ জালুকবাৰী পুজাখলা অঞ্চলত হোৱা ভয়ানক অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জুইত জাহ যায় 4 টাকৈ পৰিয়ালৰ বাসগৃহ ।

টংলাত জুইত জাহ 4 টাকৈ পৰিয়ালৰ বাসগৃহ

প্ৰাপ্ত তথ্য মতে, নিশাৰ ভাগত অঞ্চলটোৰ ফকিৰা আনচাৰি নামৰ লোকজনৰ বাসগৃহত প্ৰথমে এই জুইৰ সূত্ৰপাত হয় । ইয়াৰ পিছতে এই জুই নিমিষতে বিয়পি পৰে অঞ্চলটোত । এই অগ্নিকাণ্ডৰ ফলত ফকিৰা আনচাৰিৰ ঘৰৰ সমীপত থকা ভীম ৰাম, ৰাজু ৰাম আৰু অকন ৰাভাৰ বাসগৃহ কেইটাও সম্পূৰ্ণৰূপে জুইত জাহ যোৱা পৰিলক্ষিত হয় । লগতে পৰিয়ালকেইটাৰ 5 লাখৰো অধিক সা-সামগ্ৰী ভষ্মীভূত হোৱা বুলি অনুমান কৰা হৈছে ।

আনহাতে, এই অগ্নিকাণ্ডত 6 টাকৈ চিলিণ্ডাৰ বিষ্ফোৰিত হোৱাত অধিক ভয়াৱহ হৈ পৰে পৰিস্থিতি । অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা কৰে যদিও চিলিণ্ডাৰ বিস্ফোৰিত হৈ সূত্ৰপাত হোৱা জুয়ে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰাৰ ফলত বহু সময়ৰ চেষ্টা কৰাৰ অন্ততহে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় অগ্নি নিৰ্বাপক বাহিনীয়ে ।

অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানো জানিব পৰা হোৱা নাই যদিও চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: তামুলপুৰত সেনা-আৰক্ষীৰ অভিযান উদ্ধাৰ পিষ্টল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.