ETV Bharat / state

Man Elephant conflict: বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰাহৰণ ওদালগুৰিবাসীৰ - হাতী মানুহৰ সংঘাত

ওদালগুৰি জিলাৰ ভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ (Man elephant conflict in Assam)৷ বিগত প্ৰায় দুমাহ ধৰি ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত আশ্ৰয় লৈ থকা বন্যহস্তীৰ এটা জাকে নিদ্ৰাহৰণ কৰিছে অঞ্চলবাসীৰ ৷ বন্যহস্তীৰ উপদ্ৰৱত গৃহহাৰা হৈছে জিলাখনৰ কেইবাটাও পৰিয়াল ৷

Elephant menace in Udalguri
ভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ
author img

By

Published : Jul 22, 2022, 9:58 PM IST

তামুলপুৰ, 22 জুলাই : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man elephant conflict in Assam) ৷ এইবাৰ বন্যহস্তীয়ে উপদ্ৰৱ চলাইছে ওদালগুৰি জিলাৰ ভিন্ন অঞ্চলত ৷ বিগত প্ৰায় দুমাহ ধৰি ওদালগুৰি জিলাৰ বিশেষকৈ ভেৰগাঁৱৰ বিভিন্ন অঞ্চলৰ লগতে বৰংগাজুলি আৰু বাদলাপাৰা চাহ বাগিছাত প্ৰায় 150-200 টা বৃহৎ হাতীৰ জাক এটাই আশ্ৰয় লৈ আছে ৷ যাৰ ফলত ৰাইজৰ মাজত সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ ৷

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ বৃহৎ জাকটোৱে দিনৰ ভাগত আশ্ৰয় লয় বাগিছা অঞ্চলত আৰু নিশা হোৱাৰ লগেলগে গাঁওসমূহত প্ৰৱেশ কৰে ৷ কেৱল প্ৰৱেশ কৰাই নহয় হাতীৰ জাকটোৱে চাহ বাগিছাৰ কেইবাটাও ঘৰ-দুৱাৰ ভঙাৰ লগতে মানুহক আক্ৰমণ কৰে (Elephant menace in Udalguri) ৷

ভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ

তথ্য অনুসৰি, বৃহস্পতিবাৰে নিশা হাতীৰ জাকটোৱে প্ৰৱেশ কৰে 2 নং ডিমাকুছি গাঁৱত আৰু কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি চুৰমাৰ কৰাৰ উপৰিও খেতি-বাতি নষ্ট কৰে । আনহাতে, সেই একে নিশাই বগৰীতলৰ সঞ্জয় ডেকা নামৰ ব্যক্তিজনৰ ঘৰত প্ৰৱেশ কৰি হাতীৰ এটা জাকে ভাঙি পেলায় তেওঁৰ বাসগৃহ ৷ ফলত কথমপি প্ৰাণৰক্ষা পৰে পৰিয়ালটোৰ ।

ইফালে এই হাতীৰ জাকটোক জনাঞ্চলৰ পৰা খেদি পঠিয়াবলৈ বন বিভাগক বাৰম্বাৰ খবৰ দিয়া হৈছিল ৷ কিন্তু এই ক্ষেত্ৰত ৰাজ্যৰ বিয়াগোম বনবিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, চলিত বৰ্ষত ভেৰগাঁৱৰ বিভিন্ন অঞ্চলত হাতী-মানুহৰ সংঘাতত 7 জনকৈ লোক হাতীৰ আক্ৰমণত প্ৰাণহানি হোৱাৰ বিপৰীতে বিভিন্ন কাৰণত 4 টাকৈ বন্যহস্তীৰো মৃত্যু হৈছে ৷

লগতে পঢ়ক : Wild Elephant attack: গোৱালপাৰাত হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে দুজনে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.