দৰং,14ছেপ্টেম্বৰ: সোমবাৰে ওদালগুৰিত পালন কৰা হয় এনডিএফবিৰ শ্বহীদ দিৱস ৷ এনডিএফবিৰ সংগঠন ভংগ হোৱাৰ পাছত পোনপ্ৰথম বাৰৰ বাবে পালন কৰা হয় এই দিৱস ৷ কাজিয়ামাটীত ধীৰেন বড়ো গোটৰ প্ৰাক্তন সদস্য সকলে পালন কৰে এই শ্বহীদ দিৱস ৷ এনডিএফবিৰ প্ৰথম শ্বহীদ বাংবৌৰ গৌৰা বসুমতাৰীৰ গৃহতো পালন কৰা হয় শ্বহীদ দিৱস ৷ ৰঞ্জন দৈমাৰী,ধীৰেন বড়ো আৰু সৌৰাংগ্ৰা গোটৰ প্ৰাক্তন সদস্যসকলৰ উদ্যোগত পালন কৰা হয় এই দিৱস ৷
এই অনুষ্ঠানৰ জৰিয়তে সকলো এনডিএফবিৰ সদস্যক ৬,০০০ টকাকৈ মাহিলী ভাট্টা প্ৰদান কৰাৰ লগতে প্ৰাক্তন এনডিএফবিৰ সদস্যসকলক অতি শীঘ্ৰে পুনৰ সংস্থাপন দিয়াৰ দাবী জনাই সংগঠনটোৰ সদস্য সকলে ৷
অন্য এক খবৰৰ বাবে: ক’ৰণাই অমানিশা নমাই আনিছে বৰপেটাৰ মৃৎ শিল্পীসকললৈ
সদস্যসকলৰ মন্তব্য অনুসৰি, বৰ্তমানেও এই সংগঠনৰ বহু সদস্য কাৰাবাসতে আবদ্ধ হৈ আছে ৷ সংগঠনৰ সকলো সদস্যই সাধাৰণ ভাৱে জীয়াই থাকিব বিচাৰে ৷ চৰকাৰে এই ক্ষেত্ৰত সহায় কৰা উচিত ৷
আনহাতে,এনডিএফবিৰ শ্বহীদ পৰিয়ালক ক্ষতি পূৰণ দিয়াৰ আহ্বান জনাই সংগঠনটোৰ সদস্য সকলে ৷ 36 বছৰীয়া সংগ্ৰামত শ্বহীদ হোৱা সদস্য সকলৰ পৰিয়ালৰ বাবে চৰকাৰ আগবাঢ়ি আহিব লাগে আৰু পৰিয়ালকেইটাক সহায় কৰিব লাগে বুলি অনুষ্ঠানত উল্লেখ কৰে সংগঠনৰ সদস্য সকলে ৷ এই শ্বহীদ পৰিয়ালকেইটাক 5লাখ টকাকৈ আৰ্থিক সাহাস্য প্ৰদানৰ দাবী জনাই সদস্য সকলে ৷