ETV Bharat / state

বিজেপিৰ লগত মিত্ৰতা কৰাটো সম্ভৱ নহয়: হাগ্ৰামা মহিলাৰী

author img

By

Published : Feb 27, 2021, 2:14 PM IST

ওদালগুৰিত বিপিএফৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ বৈঠক ৷ আগন্তুক নিৰ্বাচন সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ বাক্যবাণ বিজেপি চৰকাৰলৈ ৷

বিজেপিৰ লগত মিত্ৰতা কৰাটো সম্ভৱ নহয়ঃ হাগ্ৰামা মহিলাৰী

দৰং,27 ফেব্ৰুৱাৰীঃ আগন্তুক নিৰ্বাচনক লৈ এইবাৰ মুখ খুলিছে বিপিএফ-ৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷ ‘‘যি দলে বিপিএফক সহায় কৰিব সেই দলৰ লগতে থাকিব বিপিএফ ৷ বিপিএফে যাক সমৰ্থন দিব সেই দলেই অনাগত দিনত চৰকাৰ গঠন কৰিব’’- শুকুৰবাৰে ওদালগুৰিত বিপিএফৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ বৈঠকত অংশ লৈ এই বুলি মন্তব্য কৰিছে বিপিএফ-ৰ সভাপতি গৰাকীয়ে ৷

আনহাতে, কংগ্ৰেছ, AIUDF, ৰাইজৰ দল, জাতীয় পৰিষদৰ আদি যিমান বিজেপি বিৰোধী দল সেইবোৰৰ সৈতে বিপিএফ আলোচনাত বহাৰ কথাও উল্লেখ কৰে বিপিএফ-ৰ সভাপতি গৰাকীয়ে ।

ওদালগুৰিত বিপিএফৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ বৈঠক

বিপিএফে মহাজোঁট নে আঞ্চলিক শক্তিৰ লগত থাকিব সেই সম্পৰ্কে ক'ৰ সমিতিৰ বৈঠকতহে সিদ্ধান্ত ল’ব । বিটিচিৰ ১২ সমষ্টিত বিপিএফ-ক যি দলে সহায় কৰে সেই দলক বাহিৰত সমৰ্থন দিব বিপিএফ য়ে । বিপিএফে ১২টা সমষ্টিত প্ৰাৰ্থী দিব ৷ বিজেপিৰ লগত মিত্ৰতা কৰাটো সম্ভৱ নহয় বুলি মন্তব্য কৰে প্ৰাক্তন বিপিএফ প্ৰধান গৰাকীয়ে ।

লগতে পঢ়কঃ ১ মাৰ্চৰ পৰা ৰাজ্যত বাধ্যতামূলক কৰ’ণাৰ পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.