ETV Bharat / state

BPF meeting in Rauta: লোকসভা নিৰ্বাচনৰ পূৰ্বে গালি দিয়াৰ লাইচেন্স পাব হাগ্ৰামাই !

author img

By

Published : Mar 14, 2023, 10:11 PM IST

বি টি চিত বি পি এফৰ কোনো দলৰ লগত মিত্ৰতা নহয় বুলি মন্তব্য় হাগ্ৰামা মহিলাৰীৰ (Hagrama Mohilary)। ৰৌতাত পদ যাত্ৰা কৰি তেওঁ এইদৰে মন্তব্য় কৰে । ইপিনে, বি টি আৰত পৰৱৰ্তী চৰকাৰ বি পি এফৰ হ'ব বুলি দাবী কৰিছে প্ৰাক্তন মুখ্য় কাৰ্যবাহী সদস্য়গৰাকীয়ে ।

BPF Rally at Rauta
হাগ্ৰামা মহিলাৰী
হাগ্ৰামা মহিলাৰী

ৰৌতা,১৪ মাৰ্চ: "লোকসভা নিৰ্বাচনৰ পূৰ্বে চলিত বৰ্ষৰ অক্টোবৰত গৰম বতাহ বলাব হাগ্ৰামাৰ বিপিএফে । অক্টোবৰত নিৰ্বাচনী প্ৰচাৰৰ ধোঁৱা উৰুৱাই দিব হাগ্ৰামাই । ইতিমধ্যে হেলিকেপটাৰৰ লগত কথা পতা হৈছে । হেলিকেপ্টাৰ পাইলটৰ লগত সম্পৰ্ক ভাল । এই মন্তব্য় বি পি এফৰ মূৰব্বী হাগ্ৰামা মহিলাৰীৰ । মঙলবাৰে ৰৌতাত পদ যাত্ৰা কৰি এইদৰে মন্তব্য় কৰে বি পি এফৰ মুৰব্বীগৰাকীয়ে (Hagrama Mohilary rally)।

বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ইউ পিপিএলৰ বিৰুদ্ধে সৰৱ হৈ কয় যে, প্ৰমোদ বড়োৱে উচ্ছেদ কৰিলেও পিছদিনাই ৰাইজক ঘৰ বনাই দিব বি পি এফ দলে (BPF Rally at Rauta) । বি টি আৰত পৰবৰ্তী চৰকাৰ বি পি এফৰ হ'ব বুলি দাবী কৰে হাগ্ৰামা মহিলাৰীয়ে । তেওঁ পুনৰ কয় যে সদ্যহতে বিৰোধী দলক গালি পৰাৰ লাইচেন্স পোৱা নাই । লোকসভা নিৰ্বাচনৰ এমাহ আগত গালি দিয়াৰ লাইচেন্স পাব বুলিও কয় হাগ্ৰামা মহিলাৰীয়ে । তেওঁ লাইচেন্স পোৱাৰ পিচতে বিৰোধীক সমালোচনাৰে থকা সৰকা কৰিব বুলিও মন্তব্য় কৰে (BPF political rally in Udalguri) ।

ইপিনে, বি টি চিত বি পি এফৰ কোনো দলৰ লগত মিত্ৰতা নহয় বুলি স্পষ্ট কৰি দিয়ে হাগ্ৰামা মহিলাৰীয়ে । আনহাতে, বিপিএফে কোকৰাঝাৰ আৰু ওদালগুৰিত লোকসভা নিৰ্বাচনত প্ৰতিদন্দিতা কৰিব বুলি তেওঁ কয় । ওদালগুৰিত বি পি এফৰ জয় নিশ্চিত বুলিও হাগ্ৰামা মহিলাৰীয়ে দাবী কৰে । লোকসভা নিৰ্বাচনৰ লক্ষ্য়ৰে আজি ৰৌতাত হাগ্ৰামা মহিলাৰীয়ে শক্তি প্ৰদৰ্শন কৰিবলৈ পদ যাত্ৰা কৰে । ভোটাৰৰ মন আকৃষ্ট কৰাৰ লক্ষ্য়ৰেই ৰৌতাৰ ইক্ৰাবাৰীত হাগ্ৰামা মহিলাৰীয়ে ২ কিলোমিটাৰ পদযাত্ৰা কৰি ইউপিপিএলৰ বিৰুদ্ধে অভিযান চলায় ।

ইয়াৰ পিচতেই ৰৌতাৰ ধনশ্ৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ইকৰাবাৰীত এখন জনসভাত অংশগ্ৰহণ কৰে হাগ্ৰামা মহিলাৰীয়ে (Rautas Dhanshree Council Constituency)। এই সভাত ভাষণ প্ৰসংগত কয় যে লোকসভা নিৰ্বাচনত মঙলদৈ আৰু কোকৰাঝাৰত প্ৰাৰ্থী প্ৰদান কৰিব বিপিএফে । অক্টোবৰতে বি পি এফে প্ৰাৰ্থী ঘোষণা কৰিব বুলি তেওঁ কয় ।

৩ লাখ মানুহক পৰৱৰ্তী সভাত কি খুৱাব সেয়াও ৰাজহুৱা কৰিলে হাগ্ৰামা মহিলাৰীয়ে । ওদালগুৰিত ৩ লাখ মানুহৰ সমাগমত দলীয় প্ৰাৰ্থী ঘোষণা কৰিব বুলিও হাগ্ৰামা মহিলাৰীয়ে মন্তব্য় কৰে । তেওঁ পুনৰ কয় যে, বিপিএফৰ চৰকাৰ হ'লে ওদালগুৰিত বিশ্ববিদ্যালয় স্থাপন কৰিব । ইপিনে, তেওঁ প্ৰমোদ বড়ো আৰু ইউ পি পি এল দলক কঠোৰ সমালোচনা কৰে । এই সভাখনত বি পি এফ দলৰ ব্লক আৰু জিলা পৰ্যায়ৰ নেতা -কৰ্মীসকল উপস্থিত থাকে ।

লগতে পঢ়ক:Arson in Sonai Rupai: সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত দুৰ্বৃত্তৰ অগ্নিসংযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.