ওদালগুৰি, ১১ মে': মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে অব্যাহত থকা তলাবন্ধৰ পৰিপ্ৰেক্ষিতত ব্লাড বেংক সমূহত নাটনি হ'ব ধৰিছে তেজৰ । সেয়েহে তেজৰ নাটনি দূৰ কৰিবলৈ আগবাঢ়ি আহিছে ভাৰতীয় জনতা যুৱ মৰ্চা আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ।
সোমবাৰে ওদালগুৰি অসামৰিক চিকিৎসালয়ত থকা ব্লাড বেংকত ভাৰতীয় যুৱ মৰ্চাৰ ওদালগুৰি জিলা সমিতি আৰু এবিভিপিৰ বহু কেইজন সদস্যই ৰক্তদান কৰে । ভাৰতীয় জনতা যুৱ মৰ্চাৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি ধ্ৰৱজ্যোতি শৰ্মাই ৰক্তদান কাৰ্যসূচীত উপস্থিত হৈ তেজৰ নাটনি দূৰ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰে ।
আনহাতে, ভাৰতীয় জনতা যুৱ মৰ্চাৰ ওদালগুৰি জিলা সমিতিৰ নেতৃত্বত ১০০ জন সদস্যই পৰৱৰ্তী সময়ত ৰক্তদান কৰিব বুলিও সভাপতি শৰ্মাই জানিবলৈ দিয়ে । সোমবাৰৰ এই ৰক্তদান শিৱিৰত ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক এছ আৰ দেৰ লগতে বহু কেইজন চিকিৎসা কৰ্মীও উপস্থিত থাকে।