ETV Bharat / state

ওদালগুৰিৰ বিজেপি কাৰ্যালয়ত ধৰ্ণা বিজেপি কৰ্মীৰ - udalguri BJP office surrender

বিটিচি নিৰ্বাচনত নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ দাবীৰে বিজেপি কাৰ্যালৰ সন্মুখত শুকুৰবাৰে অৱস্থান গ্ৰহণ কৰে খোদ বিজেপি কৰ্মীয়ে ৷ বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপিৰ মিত্ৰদল বিপিএফক বিটিচি পৰিষদৰ আসনবোৰ এৰি দিয়াৰ শংকাতে বিজেপিৰ দলীয় নেতা কৰ্মীসকলে অৱস্থান গ্ৰহণ কৰে ৷

ওদালগুৰি
ওদালগুৰিৰ বিজেপি কাৰ্যালয়ত ধৰ্ণা বিজেপি কৰ্মীৰ
author img

By

Published : Feb 14, 2020, 9:14 PM IST

ওদালগুৰি, 14 ফেব্ৰুৱাৰীঃ বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন এতিয়ালৈকে ঘোষণা হোৱা নাই যদিও এতিয়াৰে পৰা বিটিচি অঞ্চলত চলিছে বিটিচি নিৰ্বাচনৰ কুচ-কাৱাজ । বিপিএফ আৰু ইউপিপিএল দলে বিভিন্ন ঠাইত দলীয় সভাৰ জৰিয়তে নিৰ্বাচনী ৰণডংকা বজোৱাৰ পাচত এতিয়া বিজেপি দলৰ কৰ্মকৰ্তাসকলে নিৰ্বাচনৰ বাবে সাজু হৈ পৰা পৰিলক্ষিত হৈছে । বিশেষকৈ বিটিচিৰ পৰিষদীয় নিৰ্বাচনত বিজেপিৰ মিত্ৰদল বিপিএফক বিটিচি পৰিষদৰ আসনবোৰ এৰি দিব বুলি শংকিত দলীয় নেতা কৰ্মীসকলে এতিয়াৰে পৰা নিজৰ নিজৰ অঞ্চলত জোৰদাৰ কুচকাৱাজ চলোৱাৰ লগতে নিজৰেই দলৰ কাৰ্যালয়ত অৱস্থান গ্ৰহণ কৰি ৰাজ্যিক নেতৃত্বত হেঁচা প্ৰয়োগৰ চেষ্টা অব্যাহত ৰাখিছে ।

ওদালগুৰিৰ বিজেপি কাৰ্যালয়ত ধৰ্ণা বিজেপি কৰ্মীৰ

যাৰ পৰিপ্ৰক্ষিতত শুকুৰবাৰে ওদালগুৰিত জিলা বিজেপিৰ কাৰ্যালয়ত খোদ বিজেপিৰ কৰ্মকৰ্তাসকলে কাৰ্যালয়ত অৱস্থান কৰি বিটিচি পৰিষদীয় নিৰ্বাচনত কোনো দলৰ লগত আসন বুজাবুজি নকৰিবলৈ আৰু অকলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ ৰাজ্যিক নেতৃত্বক দাবী জনায় । ওদালগুৰি জিলাৰ কলাইগাঁও বিধানসভা সমষ্টিৰ পৰা অহা দুই শতাধিক লোকৰ লগতে অন্যান্য প্ৰান্তৰ বিজেপি কৰ্মীসকলে ওদালগুৰি জিলা বিজেপিৰ কাৰ্যালয় ঘেৰাও কৰি বিটিচি পৰিষদীয় নিৰ্বাচনত আমি প্ৰতিদ্বন্দিতা কৰিমেই,বিজেপি দল জয়ী হ'বই,বিজেপি জিন্দাবাদ,আমাক মুদৈবড়ী লাগিবই আদি বিভিন্ন শ্ল'গান দি ৰাজ্যিক নেতৃত্বক বিটিচিৰ আটাইকেইটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দিবলৈ দাবী জনায় ।

আৰু পঢ়কঃ বৰপেটাত আটক 500 কোটি টকীয়া বৃহৎ বীমা কেলেংকাৰীৰ 3 অভিযুক্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.