ETV Bharat / state

নাইজেৰিয়াত আৱদ্ধ টংলাৰ যুৱক মেঘজ্যোতি চহৰীয়াক উদ্ধাৰ

নাইজেৰিয়াত অসমীয়া যুৱকৰ নগুৰ নাগতি ৷ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ভেৰগাঁও মহকুমা প্ৰশাসন, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৎপৰতাত নাইজেৰিয়াত উদ্ধাৰ অসমীয়া যুৱক মেঘজ্যোতি চহৰীয়া ৷

Assam youth Meghjyoti Shahria
নাইজেৰিয়াত আৱদ্ধ টংলাৰ যুৱক মেঘজ্যোতি চহৰীয়াক উদ্ধাৰ
author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 7:30 PM IST

নাইজেৰিয়াত আৱদ্ধ টংলাৰ যুৱক মেঘজ্যোতি চহৰীয়াক উদ্ধাৰ

ওদালগুৰি, 5 ডিচেম্বৰ : সুদূৰ নাইজেৰিয়াত উদ্ধাৰ ওদালগুৰি জিলাৰ টংলাৰ যুৱক মেঘজ্যোতি চহৰীয়া ৷ ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত উত্তৰ জংঘলপাৰা গাঁৱৰ যুৱক তথা মেকানিকেল ইঞ্জিনীয়াৰ মেঘজ্যোতি চহৰীয়াই কৰ্মৰ সন্ধানত গৈ সুদূৰ নাইজেৰিয়াত আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল ৷ এই খবৰ পোৱাৰ পিচতে পৰিয়াল আৰু আত্মীয়-স্বজনে বিনিন্দ্ৰ ৰজনী কটাবলগীয়া হৈছিল ।

অৱশেষত অসম বিধানসভাৰ অধ্যক্ষ তথা পানেৰী সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰী, ভেৰগাঁও মহকুমা প্ৰশাসন, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৎপৰতাত যুৱকজন উদ্ধাৰ কৰা হয় ৷ ইয়াৰ পিচতে পৰিয়ালটোৰ লগতে ওদালগুৰি জিলাত আনন্দৰ বন্যা বৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, ওদালগুৰি জিলাৰ টংলাৰ উত্তৰ জংঘলপাৰা নিবাসী বিপিন চহৰীয়া আৰু মৌচুমী চহৰীয়াৰ কণিষ্ঠ পুত্ৰ মেঘজ্যোতি চহৰীয়া এমাহ ধৰি সুদূৰ নাইজেৰিয়াত কৰ্মসূত্ৰে গৈ দালালৰ পাকচক্ৰত পৰি আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল। মেকানিকেল ইঞ্জিনীয়াৰ ডিগ্ৰীধাৰী ২৫ বছৰীয়া যুৱক মেঘজ্যোতিক পশ্চিম বংগৰ সন্দীপ আগৰৱালা নামৰ এজন দালালে ECOVISTA PVT LTD ত কৰ্মসংস্থাপন দিম বুলি কৈ নাইজেৰিয়ালৈ লৈ গৈছিল। কিন্তু দিন যোৱাৰ লগে লগে যোগ্যতা অনুযায়ী কৰ্ম সংস্থাপন নিদি অন্য কামহে কৰিবলৈ দিয়াত বিমোৰত পৰে মেঘজ্যোতি । তথাপিতো মালিক তথা দালালৰূপী সন্দীপ আগৰৱালাৰ কথাত ভোল গৈ কাম অব্যাহত ৰাখিছিল মেঘজ্যোতিয়ে ।

তাৰ পিচতে মেঘজ্যোতিৰ শৰীৰত ৰোগে দেখা দিয়াত চিকিৎসাৰ সুবিধা বিচৰাত মেঘজ্যোতিক সন্দীপে মৰি যাবলৈ কোৱাৰ লগতে আত্মহত্যা কৰা ইত্যাদি কথা কৈ ভাবুকি দিয়ে । ইয়াৰ পিচতে মেঘজ্যোতিয়ে উপায়হীন হৈ নিজৰ পিতৃ-মাতৃক ফোন, হোৱাটছ এপযোগে সমগ্ৰ ঘটনাৰ বিষয়ে জনোৱাত পৰিয়ালটোৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। ইয়াৰ পিচতে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত বৰা কোচৰ জৰিয়তে জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মা, মহকুমাধিপতি পল্লৱী কছাৰী, সাংসদ দিলীপ শইকীয়া, স্থানীয় বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে ঘটনাৰ বিষয়ে অৱগত হৈ যুৱকজনক উদ্ধাৰ কৰিবলৈ দায়িত্ব মূৰ পাতি লয়।

কথামতেই কাম ৷ পৰৱৰ্তী সময়ত ভাৰত চৰকাৰৰ নাইজেৰিয়াত থকা উচ্চ আয়ুক্তৰ জৰিয়তে তৎপৰতাৰে খা-খবৰ কৰি নাইজেৰিয়াৰ পৰা যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ যুৱকজনক এনেদৰে বিচাৰ-খোচাৰ কৰি অহা-যোৱাৰ খৰচ বহন কৰি ঘৰৰ ল’ৰাক ঘৰলৈ ঘূৰাই অনাৰ বাবে মেঘজ্যোতিৰ মাতৃয়ে বিশ্বজিৎ দৈমাৰীক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰে ৷ লগতে এনেকুৱা সমাজপ্ৰিয়, বিপদৰ বন্ধুহে জনপ্ৰতিনিধি হ’ব লাগে বুলি প্ৰশংসাত পঞ্চমুখ হৈ পৰে ৷

মঙলবাৰে পৰিয়ালটোৰ কাষত বিশ্বজিৎ দৈমাৰীৰ প্ৰতিনিধি জৌশ্ৰাং বড়ো, যুৱ নেতা অৰ্জুন দৈমাৰী, সমৰেশ দাস, ৰাহুল বড়ো পীতাম্বৰ ডেকা, আক্ৰাছুৰ কেন্দ্ৰীয় নেতা হেমন্ত বৰা কোচ, হেমন্ত ডেকাই সান্তনা দিয়াৰ লগতে 6 ডিচেম্বৰত যুৱকজন ঘৰলৈ আহি পাব বুলি আশ্বাস দিয়ে ৷

লগতে পঢ়ক: অসমত ১৫ খন স্থানীয় ৰে’ল বন্ধ কৰিছে বিজেপি চৰকাৰে : কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.