ETV Bharat / state

নিৰ্বাচনৰ মাজতে পেইড নিউজৰ বিৰুদ্ধে অভিযোগ - paid news

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অব্যাহত থকাৰ মাজতে পেইড নিউজৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই অসমৰ নিৰ্বাচন বিভাগৰ অতিৰিক্ত মুখ্য নিৰ্বাচন বিষয়ালৈ আবেদন প্ৰেৰণ ৷ ওদালগুৰি নিৰ্বাচন জিলাৰ জিলা নিৰ্বাচন বিষয়াই প্ৰেৰণ কৰিছে এই আবেদন ৷ ৰিহণ দৈমাৰী নিশ্চিত ৰূপত পিছ পৰি আছে বুলি এটা ব্যক্তিগত সংবাদ মাধ্যমৰ সাংবাদিকে কৰা মন্তব্যৰ বাবে এই আবেদন জনাইছে জিলা নিৰ্বাচন বিষয়া গৰাকীয়ে ৷

allegation against a private media company of assam of broadcasting paid news
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজতে পেইড নিউজৰ অভিযোগ
author img

By

Published : Apr 1, 2021, 4:14 PM IST

নিউজ ডেস্ক,1 এপ্ৰিল: ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ অব্যাহত থকাৰ মাজতে ওদালগুৰি নিৰ্বাচন জিলাৰ জিলা নিৰ্বাচন বিষয়া তথা এমচিএমচিৰ অধ্যক্ষই পেইড নিউজ সন্দৰ্ভত অসমৰ নিৰ্বাচন বিভাগৰ অতিৰিক্ত মুখ্য নিৰ্বাচন বিষয়ালৈ এখন আবেদন প্ৰেৰণ কৰিছে ৷

অসমৰ এটা ব্যক্তিগত সংবাদ মাধ্যমে পুৱাৰ ভাগত সম্প্ৰচাৰ কৰা এটা বাতৰিত ৰিহণ দৈমাৰী সন্দৰ্ভত প্ৰত্যক্ষভাৱে কৰা এক মন্তব্যৰ বাবে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা লোৱাৰ আহ্বান জনাই জিলা নিৰ্বাচন বিষয়া গৰাকীয়ে অতিৰিক্ত মুখ্য নিৰ্বাচন বিষয়া গৰাকীক উক্ত আবেদন জনায় ৷

আবেদন খনত উল্লেখ কৰা মতে, ব্যক্তিগত সংবাদ মাধ্যমটোৰ এগৰাকী সাংবাদিকে পুৱাৰ ভাগত সম্প্ৰচাৰ হৈ থকা এক অনুষ্ঠানত ৰিহন দৈমাৰী নিশ্চিত ৰূপত পিছপৰি আছে (Rihon Daimari definitely on backfoot) বুলি এক মন্তব্য কৰে ৷ এই বিশেষ মন্তব্যক এক পেইড নিউজ হিচাপে অভিযোগ তুলি ওদালগুৰি নিৰ্বাচন জিলাৰ জিলা নিৰ্বাচন বিষয়া গৰাকীয়ে অতিৰিক্ত মুখ্য নিৰ্বাচন বিষয়াৰ পৰা এই ক্ষেত্ৰত বিহিত ব্যৱস্থাৰ বাবে আহ্বান জনায় ৷

লগতে পঢ়ক: জনতা ভৱনৰ পৰা পোনপটীয়া নিৰীক্ষণত ৫০ শতাংশ ভোটকেন্দ্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.