ওদালগুৰি, 22 মাৰ্চ : ওদালগুৰিৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰত 20 মাৰ্চৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা দৌল মহোৎসৱৰ শুকুৰবাৰে সামৰণি পৰে । দৌল উৎসৱৰ অন্তিম দিনা উখল মাখল হৈ পৰে ওদালগুৰি । বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি দৌল উৎসৱৰ অন্তিম দিনা শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ পৰা আৰম্ভ হয় শ্ৰীকৃষ্ণৰ ঘুনুচা যাত্ৰা । দুই সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা এই ঘুনুচা যাত্ৰাত শ্ৰীকৃষ্ণৰ মূৰ্তি স্থানীয় ৰাখাল নামঘৰলৈ নি পুনৰ শ্ৰীমন্তশংকৰদেৱ সত্ৰলৈ শোভাযাত্ৰা কৰি নিয়া হয় । ইয়াৰ পাচতে অনুষ্ঠিত হয় পৰম্পৰাগতভাৱে চলি অহা বাঁহ ভগা পৰ্ব । বাঁহ ভগা পৰ্বৰ অন্তত গোঁসাইক সত্ৰৰ চাৰিওফালে ঘূৰাই পুনৰ সত্ৰৰ ভিতৰত প্ৰৱেশ কৰোৱা হয় আৰু ইয়াৰ লগে লগে আনুষ্ঠানিকভাৱে সমাপ্ত হয় শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱৰ । ইপিনে মহোৎসৱৰ অন্তিমটো দিনত সত্ৰখনত দেখা গ'ল ব্যাপক জনসমাগম । বছৰ বছৰ ধৰি চলি অহা সত্ৰৰ নিয়ম অনুসৰি, আজিৰ দিনটোতহে ওদালগুৰিৰ বাসীয়ে ফাকুৱা খেলা পৰিলক্ষিত হয় ।
ওদালগুৰিত তিনিদিনীয়া দৌল মহোৎসৱৰ সামৰণি - 3days doul utsav in udalguri end today
সত্ৰৰ নিয়ম অনুসৰি শুকুৰবাৰে ফাকুৱা খেলিলে ওদালগুৰিৰবাসীয়ে
ওদালগুৰি, 22 মাৰ্চ : ওদালগুৰিৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰত 20 মাৰ্চৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা দৌল মহোৎসৱৰ শুকুৰবাৰে সামৰণি পৰে । দৌল উৎসৱৰ অন্তিম দিনা উখল মাখল হৈ পৰে ওদালগুৰি । বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি দৌল উৎসৱৰ অন্তিম দিনা শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ পৰা আৰম্ভ হয় শ্ৰীকৃষ্ণৰ ঘুনুচা যাত্ৰা । দুই সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা এই ঘুনুচা যাত্ৰাত শ্ৰীকৃষ্ণৰ মূৰ্তি স্থানীয় ৰাখাল নামঘৰলৈ নি পুনৰ শ্ৰীমন্তশংকৰদেৱ সত্ৰলৈ শোভাযাত্ৰা কৰি নিয়া হয় । ইয়াৰ পাচতে অনুষ্ঠিত হয় পৰম্পৰাগতভাৱে চলি অহা বাঁহ ভগা পৰ্ব । বাঁহ ভগা পৰ্বৰ অন্তত গোঁসাইক সত্ৰৰ চাৰিওফালে ঘূৰাই পুনৰ সত্ৰৰ ভিতৰত প্ৰৱেশ কৰোৱা হয় আৰু ইয়াৰ লগে লগে আনুষ্ঠানিকভাৱে সমাপ্ত হয় শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱৰ । ইপিনে মহোৎসৱৰ অন্তিমটো দিনত সত্ৰখনত দেখা গ'ল ব্যাপক জনসমাগম । বছৰ বছৰ ধৰি চলি অহা সত্ৰৰ নিয়ম অনুসৰি, আজিৰ দিনটোতহে ওদালগুৰিৰ বাসীয়ে ফাকুৱা খেলা পৰিলক্ষিত হয় ।
Body:ওদালগুৰিৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰত ২০ মাৰ্চৰ পৰা তিনি দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা দৌল মহোৎসৱৰ আজি সামৰণি পৰে। দৌল উৎসৱৰ অন্তিম দিনা উখল মাখল হৈ পৰিল ওদালগুৰি। বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি দৌল উৎসৱৰ অন্তিম দিনা শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ পৰা আৰম্ভ হৈ শ্ৰীকৃষ্ণৰ ঘুনুচা যাত্ৰা। এই যাত্ৰাত দুই সহস্ৰাধিক লোকে শ্ৰীকৃষ্ণৰ মূৰ্তি স্থানীয় ৰাখাল নামঘৰলৈ নি পুনৰ শ্ৰীমন্ত্ৰ শংকৰদেৱ সত্ৰলৈ শোভাযাত্ৰা কৰি নিয়ে। ইয়াৰ পিছতে অনুষ্ঠিত হৈ পৰম্পৰাগত ভাৱে চলি অহা বাঁহ ভগা পৰ্ব। বাঁহ ভগা পৰ্বৰ অন্তত কৃষ্ণক সত্ৰৰ চাৰিও পিনে ঘূৰাই পুনৰ সত্ৰ খনৰ ভিতৰত প্ৰৱেশ কৰোৱা হয়। ইয়াৰ লগে লগে আনুষ্ঠানিকভাৱে সমাপ্ত হয় শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱৰ। মহোৎসৱৰ অন্তিমতো দিনত সত্ৰ খনত দেখা গল ব্যাপক জন সমাগম। শিশু বৃদ্ধ সকলোৱে আশীৰ্বাদ ললে ভগৱান শ্ৰী কৃষ্ণৰ । উল্লেখ যে আজিৰ দিনটোতে ওদালগুৰিৰ বাসীয়ে সত্ৰ খনৰ নিয়ম অনুসৰি ফাকুৱা খেলা পৰিলক্ষিত হয় । বছৰ বছৰ ধৰি ওদালগুৰিত চলি আছে এই পৰম্পৰা।
Conclusion: