ETV Bharat / state

হাতী-মানুহৰ সংঘাত : ওদালগুৰিত আহত তিনিগৰাকী

author img

By

Published : Jun 17, 2020, 2:15 PM IST

যোৱা নিশা ওদালগুৰিৰ নোনাই পাৰা চাহ বাগিছাত বন্য হস্তীয়ে উপদ্ৰৱ চলায় ৷ বন্যহস্তীয়ে আক্ৰমণ কৰাৰ ফলত ফুলচন মিঞ্জ, অঞ্জলি মিঞ্জ আৰু শিশু কন্যা মল্লিকা মিঞ্জ আহত হয় ৷

ওদালগুৰিত আহত তিনি
হাতী-মানুহৰ সংঘাত

ওদালগুৰি, 17 জুন : ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । যোৱা নিশা প্ৰায় 3 বজাত জিলাখনৰ নোনাই পাৰা চাহ বাগিছাত বন্য হস্তীয়ে আক্ৰমণ চলায় ৷ বন্যহস্তীৰ জাকৰ পৰা ফালৰি কাটি অহা এটা বন্যহস্তীৰ আক্ৰমণত আহত হ'ল 3 জনকৈ লোক ।

হাতী-মানুহৰ সংঘাত

বন্যহস্তীৰ আক্ৰমণত আহতসকল হ'ল ফুলচন মিঞ্জ, অঞ্জলি মিঞ্জ আৰু শিশু কন্যা মল্লিকা মিঞ্জ । বৰ্তমান স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে তিনিওগৰাকী । আনহাতে, অঞ্চলটোত বন্যহস্তীয়ে 8 টাকৈ বাসগৃহৰ লগতে এখন দোকান তহিলং কৰে । উল্লেখ্য যে, ওদালগুৰি জিলাত হাতী-মানুহৰ সংঘাতৰ ফলত প্ৰতি বছৰে বহু লোকৰ মৃত্যু হৈছে যদিও এই সংঘাত নিৰাময় কৰিব সক্ষম হোৱা নাই বন বিভাগ ।

লগতে পঢ়ক : কিছুদিনৰ পাছত পুনৰ ঘৰলৈ অহাৰ কথা আছিল শ্বহীদ ৰাজেশ ওৰাং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.