বৰপেটা,6 ছেপ্তেম্বৰ: অৱশেষত জীৱন নাটৰ সামৰণি মাৰিলে প্ৰায় ডেৰ দশক জুৰি অসামান্য অভিনয় প্ৰতিভাৰে সহস্ৰাধিক শ্ৰোতা-দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰখা ভ্ৰাম্যমানৰ সুদৰ্শন অভিনেতা বাবুল খাটনিয়াৰে ৷ দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছিল অভিনেতা গৰাকী ৷ কিন্তু অভিনেতাগৰাকীৰ দেওবাৰে কিছু পৰিমাণে স্বাস্থ্যৰ অৱনতি ঘটে ৷
বিগত প্ৰায় 15 দিনৰ পৰা বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ থকা অভিনেতা খাটনিয়াৰৰ স্বাস্থ্যৰ অৱনতি ঘটাত দেওবাৰে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ আনিবলৈ যো-জা চলোৱা হৈছিল ৷
কিন্তু তেনে মূহুৰ্ততে সকলোকে শোক সাগৰত পেলাই থৈ ইহ সংসাৰ ত্যাগ কৰি চিৰ দিনৰ বাবে আঁতৰি যায় বাবুল খাটনিয়াৰ ৷ আৰ্থিক দৈন্যতাই যেন আৰু উশাহ লোৱাৰ অৱকাশ নিদিলে তেওঁক ৷
উল্লেখ্য যে,আৱাহন, ভাগ্যদেৱী, সুৰদেৱী, অপৰূপা, মনালিছা আদিকে ধৰি ৰাজ্যৰ প্ৰায় সকলোবোৰ ভ্ৰাম্যমান থিয়েটাৰত অভিনয় কৰা শিল্পীগৰাকীৰ অসুস্থতাক লৈ উদ্বিগ্ন হৈ পৰিছিল পৰিয়াল, শুভাকাংক্ষীৰ লগতে একাংশ নাট্যপ্ৰেমী ৷
আৱাহন থিয়েটাৰত ড৹ ভবেন্দ্ৰনাথ শইকীয়াৰ গধূলি আৰু অহংকাৰ নামৰ নাট দুখনত কৰা অভিনয়ে ৰাজ্যজুৰি খলকনি সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু অভিনয় জীৱনৰ পৰা অৱসৰ লোৱাৰ পিছৰে পৰা তীব্ৰ আৰ্থিক অনাটনৰ মাজেৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল অভিনেতাগৰাকীয়ে ৷
ইপিনে বৃক্ক ৰোগত আক্ৰান্ত অভিনেতাগৰাকীক চিকিৎসাৰ কৰোৱাৰ নামত ক্ৰমাৎ সৰ্বস্বান্ত হৈ পৰিছিল পৰিয়ালটো ৷ বিগত সময়ছোৱাত বছৰ বছৰ ধৰি শিল্পী পেঞ্চনৰ বাবে তাঁত-বাতি কাঢ়িও শিল্পীগৰাকীয়ে মৃত্যুূ পৰ্যন্ত লাভ নকৰিলে পেঞ্চন ৷ তেখেতৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক জগতখনত শোকৰ ছাঁ পৰিছে ৷
লগতে চাওকঃ নিজৰ প্ৰাপ্যৰ অপেক্ষাত দিশহাৰা হৈ পৰা এগৰাকী ঠিকাদাৰ