ETV Bharat / state

জুবিন গাৰ্গ সেঁতুলৈ মৰাণ ছাত্ৰ সন্থাৰ আৰ্থিক সাহাৰ্য

author img

By

Published : Feb 12, 2020, 10:13 AM IST

১৯৯২ চনত হোৱা ভয়ংকৰ বানপানীৰ ফলত বহিঃ বিশ্বৰ লগত সংযোগ বিচ্ছিন্ন হৈ পৰিছিল কাকপথাৰৰ টেঙাপানী গাঁও সংযোগী ডিৰাক ন দিহিং নদীৰ ওপৰৰ দলংখন ৷ স্থানীয় ৰাইজে চৰকাৰলৈ অপেক্ষা নকৰি পুনৰ নিৰ্মাণ কৰি আছে দলংখন ৷

জুবিন গাৰ্গ সেঁতুলৈ মৰাণ ছাত্ৰ সন্থাৰ আৰ্থিক সাহাৰ্য
জুবিন গাৰ্গ সেঁতুলৈ মৰাণ ছাত্ৰ সন্থাৰ আৰ্থিক সাহাৰ্য

কাকপথাৰ, 12 ফেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক ন দিহিং নদীৰ ওপৰত স্থানীয় ৰাইজে চৰকাৰলৈ অপেক্ষা নকৰি নিৰ্মাণ কৰা সীমান্তৱতী টেঙাপানী গাঁও সংযোগী বাঁহৰ দলঙৰ নিৰ্মাণস্থলীত উপস্থিত হয় মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এটা প্ৰতিনিধি দল ৷ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অৰুণজ্যোতি মৰাণ, সম্পাদক নৱ মৰাণৰ নেতৃত্বত যোৱা দলটোৱে ৰাইজৰ এনে প্ৰচেষ্টা শলাগ লোৱাৰ লগতে, শ্ৰম দানেৰে দলং নিৰ্মাণ কৰা গাঁওবাসীক আৰ্থিকভাৱে সহায় হোৱাকৈ দহ হাজাৰ টকা প্ৰদান কৰে ৷ লগতে চলিত সপ্তাহৰ ভিতৰত মৰাণ ছাত্ৰ সন্থাৰ দলে শ্ৰম দানেৰে ৰাইজক দলং নিৰ্মাণত সহায় কৰিব বুলিও উল্লেখ কৰে ৷

উল্লেখ্য যে, ১৯৯২ চনত হোৱা ভয়ংকৰ বানপানীৰ ফলত বহিঃ বিশ্বৰ লগত সংযোগ বিচ্ছিন্ন হৈ পৰিছিল উক্ত গাঁওখনৰ ৷ দলং নিৰ্মাণস্থলীৰ পৰা মৰাণ ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ে উক্ত দলংখনৰ উদাহৰণ দি সেইয়া ৰাজ্য চৰকাৰৰ হেমাহিৰ ফল বুলি প্ৰকাশ কৰে ৷ নিৰ্মীয়মান দলংখন জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ সেঁতু নামেৰে নামকৰণ কৰাৰ প্ৰস্তুতি কৰিছে বুলি জানিবলৈ দিয়ে গাঁওবাসীয়ে ৷

লগতে পঢ়কঃ টেঙাপানীৰ 490 মিটাৰ দৈৰ্ঘৰ জুবিন গাৰ্গ সেঁতু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.