তিনিচুকীয়া, 12 আগষ্ট : বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়াৰ ডিগবৈত পালন কৰা হয় বিশ্ব হস্তীৰ দিৱস ৷ হস্তীৰ দিৱসৰ লগত সংগতি ৰাখি বন্যহস্তীৰ কৱলৰ পৰা এগৰাকী গৃহৰক্ষী জোৱানক উদ্ধাৰ কৰাৰ বাবে ডিগবৈৰ স্বেচ্ছাসেৱী সংস্থা "হেল্প ফাউণ্ডেচন"ৰ তৰফৰ পৰা দুগৰাকী যুৱতীক জনোৱা হয় সম্বৰ্ধনা ৷ তেওঁলোকৰ নাম হৈছে কল্পনা গগৈ আৰু দীক্ষা দৃষ্টি গগৈ ৷
যোৱা কিছু দিনৰ পূৰ্বে বন্যহস্তীৰ আক্ৰমণত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হোৱা এগৰাকী কৰ্তব্যৰত গৃহৰক্ষী জোৱান পথৰ দাঁতিত পৰি থকাৰ অৱস্থাত যুৱতী দুগৰাকীয়ে উদ্ধাৰ কৰিছিল ৷ দুয়োগৰাকী যুৱতীকে গামোচা, বঁটা আৰু একোখনকৈ সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয় ৷ মানৱদৰদী যুৱতী দুগৰাকীক উৎসাহ দিয়াৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰে হেল্প ফাউণ্ডেচনে ৷
লগতে পঢ়ক: ম্যানমাৰত পিপলচ লিবাৰেচন আৰ্মীৰ দুটা ফৈদৰ সংঘৰ্ষত নিহত 6
উল্লেখ্য যে, দিনক দিনে ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে হাতী-মানুহৰ সংঘাত ৷ হাতী-মানুহৰ সংঘাতৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়ে ২০১২ চনৰ পৰা 12 আগষ্ট দিনটোত বিশ্ব হস্তী দিৱস হিচাপে পালন কৰি অহা হৈছে ৷ ইয়াৰ মূল উদ্দেশ্য হ'ল হস্তী সুৰক্ষা আৰু হস্তী-মানুহৰ সংঘাত দূৰীকৰণ কৰিবলৈ ৰাইজক সচেতন কৰা ।
২০১৭ চনত শেষবাৰৰ বাবে ভাৰতত বন্যহস্তী গণনা কৰা হৈছিল । প্ৰাপ্ত তথ্য অনুসৰি ২০১৭ চনৰ গণনাত ভাৰতত মুঠ ৩০ হাজাৰ বন্যহস্তীৰ সন্ধান পোৱা গৈছিল ।
লগতে পঢ়ক: ক'ৰণাত বিধ্বস্ত গুপ্তকাশী বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰ