ETV Bharat / state

Womens Empowerment: স্বাৱলম্বিতাৰ নিদৰ্শন; তিনিচুকীয়াত একাংশ মহিলাই মেটেকাৰে গঢ়ি তুলিছে ক্ষুদ্ৰ উদ্যোগ - Self reliance Empowers woman

মেটেকাৰে বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি স্বাৱলম্বীতাৰ পথ দেখুৱাইছে এজাক মহিলাই ৷ তিনিচুকীয়া বৰগুৰিৰ স্মৃতিৰেখা চেতিয়াৰ নেতৃত্বত গঢ় লৈ উঠিছে ক্ষুদ্ৰ উদ্যোগ ৷ বিভিন্ন প্ৰকাৰৰ বেগ, টুপি, দাইনিং মেট, ফুলৰ টাব প্ৰস্ততেৰে স্বাৱলম্বীতাৰ উদাহৰণ দেখুৱাইছে 20 গৰাকী মহিলাই ৷

Self reliance Empowers woman
তিনিচুকীয়াত মেটেকাৰে গঢ়ি তুলিছে ক্ষুদ্ৰ উদ্যোগ
author img

By

Published : Jul 9, 2023, 4:39 PM IST

তিনিচুকীয়াত মেটেকাৰে গঢ়ি তুলিছে ক্ষুদ্ৰ উদ্যোগ

তিনিচুকীয়া,9 জুলাই: আজিৰ মহিলা পাকঘৰতে সীমাবদ্ধ নহয়, নিজৰ কৰ্মসংস্কৃতিৰ জৰিয়তে আগুৱাই গৈছে সময়ৰ সৈতে প্ৰতিটো খোজত ৷ তাৰেই উদাহৰণ দেখুৱাইছে তিনিচুকীয়া জিলাৰ বৰগুৰিৰ এজাক মহিলাই ৷ ঘৰতে বহি পানীমেটেকাৰে বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি নিজৰ লগতে আনকো স্বাৱলম্বীতাৰ পথ দেখুৱাইছে তিনিচুকীয়াৰ চহৰৰ নিকটৱৰ্তী বৰগুৰি গাঁৱৰ স্মৃতিৰেখা চেতিয়াই ৷ স্মৃতিৰেখা চেতিয়াৰ নেতৃত্বত ক্ৰমে নিলাক্ষী গগৈ, শিখাৰাণী গগৈ, সোণপাহি হাজৰিকা, কনকলতা চেতিয়া, মৌচুমী ফুকন, সুৰভি গগৈকে আদি কৰি প্ৰায় ২০ গৰাকীৰো অধিক মহিলাই লাভ কৰিছে সংস্থাপন ৷

মহিলাসকলে বিভিন্ন স্থানৰ পৰা পানী মেটেকাসমূহ আনি ঘৰতে শুকুৱাই বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিছে ৷ ২০১৮ বৰ্ষৰ পৰাই ৬০ টকাৰ নেপকিন হল্ডাৰ পৰা সৰ্বোচ্চ ২৫০০ টকাৰ দাইনিং মেটলৈকে প্ৰস্তুত কৰে মহিলাসকলে ৷ এই কামৰ জৰিয়তে এগৰাকী মহিলাই মাহিলী সৰ্বনিম্ন ৬ হাজাৰ টকাৰ পৰা সৰ্বোচ্চ ২০ হাজাৰ টকালৈকে উপাৰ্জন কৰি আহিছে ৷ বিভিন্ন প্ৰকাৰৰ বেগ, টুপি, দাইনিং মেট, ফুলৰ টাব, চোফা কভাৰ, বিচনী, নথিপত্ৰ ৰখাৰ ফাইল, সামগ্ৰী ৰখা পাত্ৰ, বিভিন্ন সৌন্দৰ্যৰ বাবে ৰখা বহু সামগ্ৰীৰ লগতে সৰ্বমুঠ ৫০০ বিধ সামগ্ৰী তৈয়াৰ কৰি আহিছে মহিলাসকলে ৷

যাৰ জৰিয়তে মূল্যবৃদ্ধিৰ দিনত প্ৰতিগৰাকী মহিলাই নিজৰ প্ৰয়োজনীয় সামগ্ৰীখিনিৰ কাৰণে নিজে উপাৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে পৰিয়ালক কিছু সকাহ দিবলৈ সক্ষম হৈছে ৷ পানী মেটেকাৰে প্ৰস্তুত কৰা সামগ্ৰীসমূহ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, গুৱাহাটীৰ লগতে বহিঃৰাজ্যতো যথেষ্ট পৰিমাণে বিক্ৰী হৈ আহিছে ৷ শেহতীয়াকৈ আমেৰিকালৈও প্ৰেৰণৰ বাবে সাজু হৈছে বুলি মন্তব্য কৰিছে উদ্যোগী স্মৃতিৰেখা চেতিয়াই ৷

গতিকে ইমান চাহিদা থকা এটা ব্যৱসায় কিছু কাৰিকৰী অসুবিধাৰ কাৰণে বহুতে ইচ্ছা থাকিলেও পৰিকল্পনা আধাতে থমকি ৰখিব লগা হয়, সেয়েহে চৰকাৰে তেনে দিশসমূহ চাই সহায়ৰ হাত আগবঢ়াই আগুৱাই যোৱাত সহায় কৰিলে মহিলাসকলে সৱলীকৰণৰ দিশত আৰু এখোজ আগুৱাই যাব পাৰিব ৷

লগতে পঢ়ক:Enterprising young of Tinsukia : অলিম্পিয়াত অংশগ্ৰহণৰ আশা পুহি ৰাখিছে তিনিচুকীয়াৰ বিপুলে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.