ETV Bharat / state

শদিয়াত বন্যহস্তীয়ে প্ৰাণ ল’লে এগৰাকী মহিলাৰ - বন্যহস্তী

মঙলবাৰে নিশা শদিয়াত বন্যহস্তীৰ আক্ৰমণত নিহত হয় এগৰাকী মহিলা ৷ প্ৰচণ্ড ধুমুহাৰ পৰা পৰিত্ৰাণ পাবলৈ অন্য এঘৰলৈ আশ্ৰয় ল’বলৈ যাঁওতেই বন্যহস্তীয়ে প্ৰাণ লয় মহিলা গৰাকীৰ ৷

Wild elephant killed a woman in Sadiya
শদিয়াত বন্যহস্তীয়ে প্ৰাণ ল’লে এগৰাকী মহিলাৰ
author img

By

Published : Nov 4, 2020, 10:09 PM IST

শদিয়া,4 নৱেম্বৰ : শদিয়াত বন্যহস্তীয়ে প্ৰাণ কাঢ়িলে এগৰাকী মহিলাৰ । মহিলা গৰাকীৰ শৰীৰ চিহ্ন-বিচিহ্ন কৰিলে বনৰীয়া হস্তীয়ে। নিহত মহিলা গৰাকী বাঘজান থানাৰ অন্তৰ্গত কেছেৰুগুৰি গাওঁৰ অলিমা মৰাণ বুলি চিনাক্ত কৰা হৈছে ।

Wild elephant killed a woman in Sadiya
শদিয়াত বন্যহস্তীয়ে প্ৰাণ ল’লে এগৰাকী মহিলাৰ

উল্লেখ্য যে,126 নং শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত লংপিট নামৰ ঠাইত বিগত দহ বছৰ পূৰ্বৰ পৰাই খেতি কৰি নিগাজিকৈ বসবাস কৰি আহিছে অলিমা মৰাণৰ পৰিয়ালটোৱে । দুৰ্ভাগ্যবশতঃ মঙলবাৰে নিশা প্ৰচণ্ড ধুমুহাত সম্পূৰ্ণৰূপে ভাঙি তচনচ কৰে মহিলা গৰাকীৰ বাসগৃহ ৷

নিজ স্বামী, পুত্ৰসহ বসবাস কৰা মহিলাগৰাকীয়ে বতাহ-বৰষুণৰ পৰা পৰিত্ৰাণ পাবলৈ ওচৰৰে অন্য এঘৰলৈ আশ্ৰয় ল’বলৈ যাঁওতেই বন্যহস্তীয়ে প্ৰাণ লয় মহিলা গৰাকীৰ ৷ অৱশ্যে সৌভাগ্য ক্ৰমে প্ৰাণ ৰক্ষা পৰে অন্য পাঁচ গৰাকী লোকৰ ।

লগতে পঢ়ক : নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কি কৰিছে শুকুৰ আলীয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.