ETV Bharat / state

মৃত ব্যক্তি জীৱিত হৈ ঘৰলৈ ওভতি আহিল ক’ত ? - হত্যাকাণ্ড

চলিত মাহৰ ৪ মে'ত তিনিচুকীয়া হাপজান অঞ্চলৰ পৰা সন্ধানহীন হৈছিল তৰুণ ভূমিজ নামৰ এজন চাহ জনজাতিৰ লোক । ঘটনা সংঘটিত হোৱাৰ পাছ দিনাই তৰুণ ভূমিজৰ ঘৰৰ কিছু দূৰত এটি মৃতদেহ উদ্ধাৰ হয় ৷ তাৰ পিছতে মৃতদেহটো তৰুণ ভূমিজৰ হয় বুলি তৰুণ ভূমিজৰ ভাতৃ কালিচৰন ভূমিজ আৰু পৰিয়াল বৰ্গই চিনাক্ত কৰিছিল । মৃতদেহটি তৰুণ ভূমিজৰ বুলি পৰিয়ালৰ লোকে শেষ কৃতসম্পন্ন কৰি তিলনীও সম্পন্ন কৰিছিল ।

মৃত ব্যক্তি জীৱিত হৈ ঘৰলৈ ওভতি আহিল ক’ত !

author img

By

Published : May 29, 2021, 10:32 PM IST

তিনিচুকীয়া, 29 মে’: তিনিচুকীয়াত সংঘটিত হৈছে এক আজৱ ঘটনা ৷ হত্যা হোৱা মৃত ব্যক্তি সোঁ-শৰীৰে ঘৰলৈ ওভতি আহিছে ৷ এইয়া কোনো অলৌকিক ঘটনা নহয় ৷ এই আশ্বৰ্যজনক ঘটনা সংঘটিত হৈছে তিনিচুকীয়া জিলাত ৷

ঘটনা অনুসৰি চলিত মাহৰ ৪ মে'ত তিনিচুকীয়া হাপজান অঞ্চলৰ পৰা সন্ধানহীন হৈছিল তৰুণ ভূমিজ নামৰ এজন চাহ জনজাতিৰ লোক । তাৰ পিছতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তৰুণ ভূমিজৰ পৰিয়ালৰ লোকে তৰুণ ভূমিজ সন্ধানহীন হোৱাৰ গোচৰ তৰিছিল তিনিচুকীয়া আৰক্ষী থানাত ।

ইপিনে ঘটনা সংঘটিত হোৱাৰ পাছ দিনাই তৰুণ ভূমিজৰ ঘৰৰ কিছু দূৰত এটি মৃতদেহ উদ্ধাৰ হয় ৷ তাৰ পিছতে মৃতদেহটো তৰুণ ভূমিজৰ হয় বুলি তৰুণ ভূমিজৰ ভাতৃ কালিচৰন ভূমিজ আৰু পৰিয়াল বৰ্গই চিনাক্ত কৰিছিল । মৃতদেহটি তৰুণ ভূমিজৰ বুলি পৰিয়ালৰ লোকে শেষকৃত্য সম্পন্ন কৰি তিলনীও সম্পন্ন কৰিছিল ।

আনহাতে, সমগ্ৰ ঘটনাটো এক হত্যাকাণ্ড বুলি পৰিয়ালৰ লোকে অভিযোগ দিয়া অনুসৰি তিনিচুকীয়া আৰক্ষীয়ে 627/2021 under section 302/34 IPC ৰ অধীনত ১৭ বছৰৰ কিশোৰৰ পৰা ৬৫ বছৰৰ বৃদ্ধ লৈকে মুঠ ৮ গৰাকী আচামীক আটক কৰি জেললৈ প্ৰেৰণ কৰে ।

মৃত ব্যক্তি জীৱিত হৈ ঘৰলৈ ওভতি আহিল ক’ত !

ইমান খিনিলৈকে থিকে আছিল কিন্তু অথন্তৰ লাগিল 13 মে’ত যেতিয়া মৃত বুলি শেষকৃত সম্পন্ন কৰা তৰুণ ভূমিজ সোঁ-শৰীৰে নিজ গৃহত উপস্থিত হোৱাত । নিজ বাসগৃত তৰুণ ভূমিজ উপস্থিত হোৱাৰ লগে লগে সকলো হতবাক হৈ পৰে ৷

সম্প্ৰতি বিনা দোষত কাৰাবাস খাটি থকা নিৰ্দোষী লোক কেইজনক মুক্তি দিবলৈ ন্যায়াধীশৰ কাষ চাপে তৰুণ ভূমিজ । সেই অনুসৰি তৰুণ ভূমিজ আজি অথাৎ শনিবাৰে তিনিচুকীয়া জিলা সত্ৰ ন্যায়াধীশ আদালতৰ কাষ চপাৰ লগে লগে মুকলি কৰি দিয়ে নিৰ্দোষী ব্যক্তি কেইজনক ।

উল্লেখযোগ্য যে, উক্ত ঘটনাই আৰক্ষীৰ তদন্তৰ ওপৰত বহু জটিল প্ৰশ্ন উত্থাপন কৰিছে । হত্যা নোহোৱা এজন ব্যক্তিৰ হত্যাৰ অভিযোগত জেলত থাকিব লগা হোৱা ঘটনাই আৰক্ষীৰ ওপৰত বহু প্ৰশ্ন উত্থাপন কৰিছে । তৰুণ ভূমিজৰ বুলি আন এটা মৃতদেহ সৎকাৰ কৰা হৈছিল সেইয়া প্ৰকৃততে কোন আছিল তাক লৈয়ো এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে ৷

লগতে পঢ়কঃ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সাৰ পালে অসম আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.