তিনিচুকীয়া,8 ডিচেম্বৰ: সমগ্ৰ দেশৰ লগতে তিনিচুকীয়া জিলাৰ থানা চাৰিআলিতো ভাৰত বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ তিনিচুকীয়াৰ থানা চাৰিআলিত কৃষক মুক্তি সংগ্ৰাম সমিতি, তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ৱাল পোষ্টাৰিং কাৰ্যসূচী ৰূপায়ন ৷ কা আন্দোলনৰ পৰা কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা গৰাকীৰ মুক্তিৰ দাবীত মঙলবাৰে তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইত কৃষক নেতা গৰাকীৰ ছবি সম্বলিত বেনাৰ আঁৰি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷
কা বিৰোধী আন্দোলনত অংশ লোৱাৰ অপৰাধত বিগত বৰ্ষৰ 12 ডিচেম্বৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক আটক কৰিছিল আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াক অৰ্পন কৰে কৃষক নেতাজনক ৷ তাৰ পাচতে এটাৰ পাচত আন এটাকৈ বহুকেইটা গোচৰ জাপি দিয়া হয় অখিল গগৈৰ ওপৰত ৷
লগতে পঢ়ক: আমগুৰিত ভাৰত বন্ধৰ পূৰ্ণ সমৰ্থন জনালে ঐক্য সেনা অসমে