ETV Bharat / state

Unknown body recovered : তিনিচুকীয়াত উদ্ধাৰ অচিনাক্ত মৃতদেহ

তিনিচুকীয়াৰ শুকানপুখুৰী চাহ বাগিচাৰ দ’ নলাত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ ৷ ঘটনা সন্দৰ্ভত অব্যাহত চাঞ্চল্য ৷

Unknown body recovered in Tinsukia
দ’ নলাত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : Jul 21, 2023, 1:49 PM IST

দ’ নলাত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ

তিনিচুকীয়া, 21 জুলাই : তিনিচুকীয়া চহৰৰ সমীপৰ শুকানপুখুৰীৰ চাহ বাগিচাৰ 12 নং লাইনৰ এটা উন্মুক্ত দ’ নলাত বুধবাৰে উদ্ধাৰ হয় এক অচিনাক্ত লোকৰ মৃতদেহ ৷ ইয়াক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ । স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, অচিনাক্ত লোকজনৰ মৃতদেহ পানীত উপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

স্থানীয় লোক আৰু শুকানপুখুৰী আঞ্চলিক যুৱ সংঘই অভিযোগ কৰা অনুসৰি শুকানপুখুৰী চাহ বাগিচা কৰ্তৃপক্ষই 12 নং লাইনত এক প্ৰকাণ্ড নলা খন্দাত নলাটো সম্প্ৰতি পানীৰে উপচি পৰি মৰণফান্দলৈ পৰিণত হৈছে । বাগিচা কৰ্তৃপক্ষই কি উদ্দেশ্যে এই নলাটো খান্দিলে সেয়া জনা নাযায় যদিও মানুহ অহা-যোৱা কৰা পথৰ গাতে লাগি খন্দা এই উন্মুক্ত নলাত কোনো বেৰা তথা সুৰক্ষাৰ ব্যৱস্থা নথকা বাবেই পানীৰে উপচি পৰা নলাটোত অসাৱধানবশতঃ পৰি লোকজনৰ মৃত্যু হোৱা বুলি স্থানীয় লোকে দাবী কৰে ।

প্ৰায় 12/14 ফুট দ’ আৰু প্রায় 8 ফুট বহল নলাটোৰ কাষত বেৰাৰ ব্যৱস্থা কৰিবলৈ শুকান পুখুৰী আঞ্চলিক যুৱক সংঘই বাগিচা কৰ্তৃপক্ষক দাবী জনাইছে । উল্লেখ্য যে এই নলাৰ কাষেৰে বিদ্যালয়লৈ কণ কণ ছাত্ৰ-ছাত্ৰী নিতৌ অহা-যোৱা কৰে । ইফালে প্ৰায় 40 বছৰীয়া অচিনাক্ত লোকজনৰ পৰিচয় বাতৰি লিখাৰ পৰালৈকে পোহৰলৈ অহা নাই ৷ এই সন্দৰ্ভত কোনোবাই কিবা তথ্য পালে তিনিচুকীয়া সদৰ থানাত যোগাযোগ কৰিবলৈ সংশ্লিষ্ট আৰক্ষীয়ে অনুৰোধ জনাইছে ৷

লগতে পঢ়ক : Kuki Women Raped: মণিপুৰ জঘন্য ঘটনাৰ ৪ অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.