ETV Bharat / state

বাঘজানত উপস্থিত হৈ প্ৰতিশ্ৰুতি প্ৰদান কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীৰ

author img

By

Published : Jun 14, 2020, 5:25 PM IST

বাঘজানৰ অগ্নিকাণ্ড সংঘটিত হোৱা বিজিআৰৰ 5 নং খাদটো দেওবাৰে পৰিদৰ্শন কৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মন্ত্ৰী দুগৰাকীক এই কাৰ্যসূচীত সহযোগ কৰে মন্ত্ৰী অতুল বৰা,চন্দ্ৰমোহন পাটোৱাৰী,ৰামেশ্বৰ তেলীৰ লগতে অসমৰ কেইবাজনো বিধায়কে ৷ খাদটো পৰিদৰ্শনৰ অন্তত বাঘজানৰ দীঘলতৰং আশ্ৰয় শিবিৰত অস্থায়ীভাৱে থকা লোকসকলৰ ওচৰত উপস্থিত হয় মন্ত্ৰীদ্বয় ৷

union petroleum minister dharmendra pradhan visited baghjan tinsukia assam etv bharat news
বাঘজান পৰিদৰ্শন

ডুমডুমা/ডিব্ৰুগড়,14 জুন: বাঘজান অগ্নিকাণ্ডৰ শেহতীয়া পৰিস্থিতি পৰিদৰ্শন কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ প্ৰায় এসপ্তাহৰ অন্তত অগ্নিকাণ্ড সংঘটিত হোৱা বিজিআৰৰ 5 নং খাদটো পৰিদৰ্শন কৰে মন্ত্ৰীদ্বয়ে ৷ দেওবাৰে উপস্থিত হোৱা মন্ত্ৰী দুগৰাকীক শৰাইৰে আদৰণি জনাই আশ্ৰয় শিবিৰৰ লোকসকলে ৷ খাদটো পৰিদৰ্শনৰ অন্তত বাঘজানৰ দীঘলতৰং শিবিৰত আশ্ৰয় শিবিৰত অস্থায়ীভাৱে থকা লোকসকলৰ ওচৰত উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৷

বাঘজান পৰিদৰ্শন

উল্লেখ্য যে,মন্ত্ৰী দুগৰাকীয়ে বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰে শিবিৰবাসীক ৷ সেই অনুসৰি, বাঘজানত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে আদৰ্শ চিকিৎসালয় স্থাপনৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী সোণোৱালে । ইফালে মাগুৰী-মতাপুং বিল অইলৰ দ্বাৰা পৰিস্কাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ৷ লগতে এই বিলখনক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰাৰো দিয়ে প্ৰতিশ্ৰুতি । তদুপৰি অঞ্চলটোত এখন পশু চিকিৎসালয় স্থাপনৰ ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷ বাঘজান অগ্নিকাণ্ডৰ প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ লগতে বাঘজানৰ পৰা তিনিচুকীয়ালৈ পকীপথ নিৰ্মাণৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰে মন্ত্ৰী দুগৰাকীয়ে ৷ সমান্তৰালকৈ 27 কোটি টকা ব্যয় সাপেক্ষে স্থানীয় বান-গৰাখহনীয়া সমস্যা সমাধানৰ বাবে মথাউৰি নিৰ্মাণৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে বাঘজানবাসীক ৷ ইয়াৰোপৰি নিবনুৱা সকলক সংস্থাপনৰ বাবে স্থাপন কৰা হ’ব দক্ষতা অভিযান কেন্দ্ৰ ৷ উক্ত অঞ্চলৰ মহিলাসকলৰ বাবে আত্মসহায়ক গোটৰ জৰিয়তে আগবঢ়োৱা হ’ব আৰ্থিক অনুদান ৷

আনহাতে,মুখ্যমন্ত্ৰীয়ে ঘটনাটোত নিহত তীখেশ্বৰ গোঁহাই আৰু দুৰ্লভ গগৈক শ্ৰদ্ধাৰে সুঁৱৰি প্ৰাৰ্থনা জনায় ৷ ইয়াৰ পিছতে তিনিচুকীয়াৰ উপায়ুক্ত কাৰ্যালয়ত অইল আৰু অ’এনজিচি কৰ্তৃপক্ষৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মন্ত্ৰীদ্বয় ৷ বৈঠকৰ পিছতে এক সংবাদমেল সম্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানৰ লগতে মুখ্যমন্ত্ৰীয়ে ৷ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰৰ পৰা বিয়লি বায়ুসেনাৰ বিশেষ বিমানেৰে গুৱাহাটী অভিমুখে ঘূৰিব ৷ মন্ত্ৰী দুগৰাকীক দেওবাৰৰ কাৰ্যসূচীত সহযোগ কৰে মন্ত্ৰী অতুল বৰা,চন্দ্ৰমোহন পাটোৱাৰী,ৰামেশ্বৰ তেলীৰ লগতে উজনি অসমৰ কেইবাজনো বিধায়কে ৷

লগতে চাওকঃ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.