তিনিচুকীয়া, ১২ মাৰ্চ : ভাৰত চৰকাৰৰ এখন অভিলাসী আঁচনি জন জীৱন মিছন পানী যোগান আঁচনি । ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন মিছনৰ পানী যোগান আঁচনিৰ কাম আৰম্ভ হৈছে ৷ সমান্তৰালভাৱে তিনিচুকীয়া জিলাটো দ্ৰুতগতিত পানী যোগান আঁচনিৰ কাৰ্য সম্পন্ন হোৱা পৰিলক্ষিত হৈছে ৷ তিনিচুকীয়া জিলাৰ ডিগবৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত কেইবাখনো পঞ্চায়তত দ্ৰুত গতিত আৰম্ভ হৈছে জল জীৱন মিছনৰ পানী যোগান আঁচনিৰ কাম (Jal jeevan mission in Assam)।
ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেণ ফুকনৰ তৎপৰতাত জিলাখনৰ বিভিন্ন ঠাইত আটক ধুনীয়াকৈ নিৰ্মাণ কৰি ৰাইজৰ বাবে মুকলি কৰি দিছে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত ৰাজ্যজুৰি চলা জল জীৱন মিছনৰ বিশুদ্ধ পানী । শনিবাৰে তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ বৰহাপজান চেঙেলীজান গাঁৱত 2 কোটি 20 লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ হোৱা 362 টা পৰিয়ালৰ বাবে জল জীৱন মিছনৰ পানী যোগান আঁচনি প্ৰকল্প আনুষ্ঠানিকভাৱে মুকলি কৰে ভাৰত চৰকাৰৰ প্ৰাকৃতিক গেছ ও পেট্ৰলিয়াম, শ্ৰম দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে (Union Minister Rameshwar Teli in Tinsukia)।
অনুষ্ঠানটিত মন্ত্ৰীজনৰ সৈতে উইপস্থিত থাকে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন, তিনিচুকীয়া জিলাৰ উপায়ুক্ত স্বপ্ননীল পালকে প্ৰমুখ্যে কৰি তিনিচুকীয়া জিলাৰ প্ৰশাসনৰ কেইবাগৰাকী শীৰ্ষ বিষয়াৰ লগতে বহু সংখ্যক গণ্য-মান্য ব্যক্তি । উদ্বোধনী অনুষ্ঠানটোত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক সুৰেণ ফুকন, জিলা উপায়ুক্ত স্বপ্নীল পালক স্থানীয় ৰাইজে ঝুমুৰ নৃত্যৰে আদৰণি জনায় ৷ তাৰ পাছতে ফিটা কাটি জল জীৱন মিছনৰ আঁচনিখনৰ শুভ উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি আয়োজিত সভাত অংশগ্ৰহণ কৰে (Launching of Jal jeevan mission in Tinsukia) ৷
লগতে পঢ়ক : Illegal appointment in KACC: বন বিভাগৰ নিযুক্তিত কেলেংকাৰীৰ অভিযোগ
আঁচনিখন মুকলি কৰাৰ ফলত স্থানীয় ৩৬২ টা পৰিয়ালে ইয়াৰ সুবিধা আদায় কৰিব পাৰিব বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে বিধায়কগৰাকীয়ে ৷ ইফালে, উক্ত আঁচনি উদ্বোধনৰ পাছতে জিলা উপায়ুক্তৰ কাৰ্যালয় সভাগৃহত জিলা উপায়ুক্ত স্বপ্নীল পালে জল জীৱন মিছনৰ ঠিকাদাৰসকলৰ সৈতে এখন বৈঠকত মিলিত হয় ৷ বৈঠকখনত জিলাখনত নিৰ্মীয়মাণ অৱস্থাত থকা জল জীৱন মিছনৰ প্ৰকল্পসমূহ খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে বেমেজালি কৰা ঠিকাদাৰসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ’ব বুলি জিলা উপায়ুক্ত গৰাকীয়ে সকীয়নি প্ৰদান কৰে ৷