তিনিচুকীয়া, 12 মে': বুধবাৰে ৰাতিপুৱা ৬:৫৮ বজাত ৰাজ্যবাসীক কন্দুৱাই গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞি দেৱে ৷ হোমেন বৰগোহাঞিৰ মৃত্যুত অসমীয়া সাহিত্য জগতৰ লগতে ৰাজ্যুজুৰি পৰিছে শোকৰ ছাঁ ৷ অলেখ গুণমুগ্ধৰ লগতে সাহিত্যিকগৰাকীৰ মৃত্যুত আলফা (স্বা)ও এক বিবৃতিযোগে প্ৰকাশ কৰিলে শোক ৷
বিবৃতিখনত আলফা (স্বা) লিখিছে, ‘মহামাৰী কৰ'ণাত আক্ৰান্ত হৈ অসমৰ নিৰৱ সমাজ সেৱক, ব্যৱহাৰিক চিন্তাবিদ, বিশিষ্ট সাংবাদিক, কথাশিল্পী,সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰজ্ঞা সাধক হোমেন বৰগোহাঞি দদাইদেউৰ মৃত্যুত আমি সংযুক্ত মুক্তি বাহিনী ,অসম (স্বা) সংগঠনৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছো ৷’
জাতিটোৰ সংকটৰ সময়ত আবেগৰ ঢৌত উটি-ভাঁহি নগৈ জাতিটোৰ উত্তোৰণত ব্যৱহাৰিক পথ দেখুৱাই যোৱা দদাইদেউৰ অভাৱ থলগিৰি ৰাইজে তথা আমাৰ সংগঠনে অনাগত দিনত বাৰুকৈয়ে অনুভৱ কৰিব ৷ সস্তীয়া বিতৰ্ক, জনপ্ৰিয়তাৰ শলিয়া দৌৰ আৰু প্ৰচাৰৰ পৰা সদায় দূৰত অৱস্থান কৰা হোমেন দদাইদেউ আপোচহীনতাৰ এক লৌহস্তম্ভ হৈ তথা অসমৰ থলগিৰি ৰাইজৰ মাজত সদায় ধ্ৰুৱতৰা হৈ জিলিক থাকিব বুলিও বিবৃতিখনত উল্লেখ কৰে আলফা(স্বা)এ
লগতে পঢ়ক: হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্তৰ