ETV Bharat / state

সেনাৰ জিম্মাত জীৱন মৰাণ ওৰফে জীৱন অসম - অৰুণাচলৰ টিৰাপ জিলাৰ খুমচাইৰ এক অজ্ঞাত স্থানত ৰখা হৈছে জীৱন অসমক

আলফাৰ পৰা অব্যাহতি দিয়া জীৱন মৰাণ ওৰফে জীৱন অসম বৰ্তমান সেনাৰ জিম্মাত । অৰুণাচলৰ টিৰাপ জিলাৰ খুমচাইৰ এক অজ্ঞাত স্থানত ৰখা হৈছে জীৱন অসমক ।

সেনাৰ জিম্মাত জীৱন মৰাণ ওৰফে জীৱন অসম
সেনাৰ জিম্মাত জীৱন মৰাণ ওৰফে জীৱন অসম
author img

By

Published : Apr 29, 2021, 12:00 PM IST

তিনিচুকীয়া,২৯ এপ্ৰিল: সুদীৰ্ঘ ৩৭ বছৰীয়া বিদ্ৰোহী পন্থা ত্যাগ কৰি অৱশেষত নিজ গৃহলৈ উভতি যোৱাৰ সিদ্ধান্ত লোৱা আলফা (স্বা) ৰ নেতা তথা মেজৰ জেনেৰেল জীৱন মৰাণ ওৰফে জীৱন অসম বৰ্তমান সেনাৰ জিম্মাত । বৰ্তমান জীৱন মৰাণক অৰুণাচলৰ টিৰাপ জিলাৰ খুমচাইৰ এক অজ্ঞাত স্থানত ৰখা হৈছে । সম্প্ৰতি সেনাই মৰাণক জেৰা অব্যাহত ৰাখিছে । সেনা বাহিনীৰ জেৰা শেষ হোৱাৰ পাছতে বৃহস্পতিবাৰে ডিব্ৰুগড় আৰক্ষীৰ হাতত গতাই দিয়া হ’ব জীৱন মৰাণক ।

সেনাৰ জিম্মাত জীৱন মৰাণ ওৰফে জীৱন অসম
সেনাৰ জিম্মাত জীৱন মৰাণ ওৰফে জীৱন অসম

১৯৮৪ চনত সংগঠনটোত যোগদান কৰা বৰ্তমানৰ ৬৫ বছৰীয়া আলফা নেতা মৰাণে বাৰ্মাত প্ৰশিক্ষণ লৈছিল । ৩৭ বছৰৰ পাচত আলফাৰ পৰা অব্যাহতি লৈ ওপজা ভূমিলৈ উভতিছে জীৱন মৰাণ । তিনিচুকীয়া জিলাৰ কাকপথাৰৰ উবন গাঁৱত ঘৰ মৰাণৰ । আলফা (স্বা) নে ২৫ এপ্ৰিলত জাৰি কৰা এক বিবৃতিত আলফাৰ সশস্ত্ৰ বিদ্ৰোহ ত্যাগ কৰি নিজৰ জীৱনৰ অৱশিষ্ট সময়খিনি পৰিয়ালৰ সৈতে কটোৱাৰ সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰিছে ৷ লগতে শাৰিৰীক অসুস্থতাৰ বাবে অব্যাহতি দিয়া হৈছে জীৱন মৰাণ ওৰফে জীৱন অসমক ।

লগতে পঢ়ক: নৈশ সান্ধ্য আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ধেমাজি আৰক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.