নিউজ ডেস্ক, 15 নৱেম্বৰ: পেঙেৰীকাণ্ডৰ দায়িত্ব স্বীকাৰ আলফা(স্বাধীন)ৰ (ULFA I take responsibility for Pengeri Attack)৷ মঙলবাৰে পুৱাই সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত এই আক্ৰমণক "অপাৰেশ্যন লক্ষীপথাৰ" আখ্যা দিয়ে বিদ্ৰোহী সংগঠনটোৱে ৷ পেঙেৰীত সোমবাৰৰ আইইডি আক্ৰমণত কেইবাজনো সেনা জোৱান আহত হৈছে বুলি দাবী কৰিছে আলফাই (স্বাধীন) ৷
লগতে বিবৃতিটোত দাবী কৰা হয় যে 14 নৱেম্বৰৰ পুৱা প্ৰায় 7.45 বজাত সংযুক্ত মুক্তি বাহিনী, অসমৰ (স্বাধীন) সদস্যৰ দ্বাৰা "অপাৰেশ্যন লক্ষীপথাৰ"ৰ জৰিয়তে ডিগবৈ-পেঙেৰী বনাঞ্চলত ভাৰতীয় সেনাৰ 18 নং গাৰোৱাল ৰেজিমেণ্টৰ বিৰুদ্ধে চলোৱা সামৰিক অভিযানত সেনা বাহিনীৰ এখন Anti Mine Casspir বাহন ক্ষতিগ্ৰস্ত হোৱাৰ উপৰিও বহুকেইজন সেনা জোৱান আহত হৈছে (ULFA operation Lakhipathar) ৷
আলফাৰ (স্বাধীন) প্ৰচাৰ গোটৰ সদস্য ৰুমেল অসমে প্ৰেৰণ কৰা বিবৃতিটোত আৰু কোৱা হয় যে সেনা বাহিনীয়ে লজ্জা ঢাকিবৰ বাবে ক্ষতিগ্ৰস্ত বাহনখন আঁতৰাই নিয়াৰ লগতে সেনা জোৱান কেইজনক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু সাংবাদিকসকলক ঘটনাস্থলীত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে ৷ যাৰ ফলত সংবাদমাধ্যমৰ লোকে প্ৰকৃত তথ্য লাভ কৰিব নোৱৰিলে ৷ ঘটনাস্থলীত পৰি থকা তেজৰ চেকুৰাৰ পৰাই সেই কথা প্ৰমান হয় ৷
উল্লেখ্য যে আগন্তুক 24 নৱেম্বৰৰ প্ৰতিবাদ দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় সেনাৰ বিৰুদ্ধে এই সামৰিক অভিযান চলোৱা বুলি বিবৃতিটোত উল্লেখ কৰা হয় ৷
তিনিচুকীয়াৰ ডিগবৈ-পেঙেৰী সংযোগী পথত অৱস্থিত আপাৰ দিহিং বনাঞ্চলৰ মাজত থকা ফাঁচি দলৰ সমীপত সোমবাৰে পুৱা এক আইইডি বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল (IED blast at Pengeri) ৷ সেনাৰ বুলেট প্ৰুফ বাহন এখনক উদ্দেশ্য কৰি পূৰ্বৰে পৰা সংস্থাপিত কৰি ৰখা হৈছিল আইইডিটো (Extremist sets IED at Pengeri)৷
ইয়াৰ পিছতে বনাঞ্চলৰ ভিতৰতে আৰক্ষী-সেনা আৰু উগ্ৰপন্থী দলটোৰ মাজত প্ৰচণ্ড গুলীয়াগুলী সংঘটিত হয় (Rebel group and Security force encounter) ৷ এক গোপন সূত্ৰৰ পম খেদি সেনাই বনাঞ্চলখনত আলফাৰ এটা পাঁচজনীয়া দল আশ্ৰয় লৈ থকাৰ সন্দেহত অভিযান চলাইছিল ৷ এই অভিযানৰ মাজতে উগ্ৰপন্থীৰ দলটোৱে সংস্থাপিত কৰি ৰখা আইইডিটো বিস্ফোৰণ ঘটে ৷
লগতে পঢ়ক: Tense situation in Pengeri: পেঙেৰীত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী