ETV Bharat / state

ৰাজ্যৰ তিনি তৈল প্ৰতিষ্ঠানলৈ আলফা(স্বা)ৰ দাবী পত্ৰ প্ৰেৰণ

author img

By

Published : May 14, 2021, 12:32 PM IST

ৰাজহুৱা খণ্ডৰ তেল আৰু প্ৰাকৃতিক গেছ নিগম,ভাৰতীয় তৈল নিগম আৰু অইল ইণ্ডিয়া লিমিটেডলৈ সংযুক্ত মুক্তি বাহিনী অসম (স্বা)ৰ দাবী পত্ৰ প্ৰেৰণ ৷ প্ৰতিষ্ঠান কেইটাই চৰ্তসমূহ মানি চলিলে প্ৰতিষ্ঠান কেইটাৰ বিৰুদ্ধে অনাগত দিনত অনিৰ্দিষ্ট কাললৈ সামৰিক অভিযানৰ পৰা বিৰত থাকিব অন্যথা থলগিৰিৰ সহযোগত সশস্ত্ৰ প্ৰতিবাদৰ বিকল্প নাথাকিব বুলিও উল্লেখ কৰিছে সংগঠনটোৱে ৷

ULFA (i) demand letter sent to three oil companies in the state
ৰাজ্যৰ তিনি তৈল প্ৰতিষ্ঠানলৈ আলফা(স্বা)ৰ দাবী পত্ৰ প্ৰেৰণ

ডুমডুমা/তিনিচুকীয়া,14 মে': শেহতীয়াভাৱে সংযুক্ত মুক্তি বাহিনী, অসম(স্বা) আৰু ৰাজহুৱা খণ্ডৰ তেল আৰু প্ৰাকৃতিক গেছ নিগম,ভাৰতীয় তৈল নিগম আৰু অইল ইণ্ডিয়া লিমিটেডৰ মাজত সৃষ্টি হৈছে কেইবাটাও অনাকাংক্ষিত ঘটনা ৷ অ'এন জি চিৰ বিষয়াক অপহৰণৰ পাচতে শুকুৰবাৰে আলফা(স্বা) এ কেইবাটাও দাবী সম্বলিত এক প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কৰিছে প্ৰতিষ্ঠান কেইটালৈ ৷ সংযুক্ত মুক্তি বাহিনী অসম(স্বা) এ জনোৱা দাবী সমূহ হ'ল-

  • জন্মলগ্নৰে এই প্ৰতিষ্ঠান কেইটাই অসমৰ সম্পদ কিমান নিলে আৰু লাভৰ কিমান শতাংশ অসমে পালে তাৰ শুদ্ধ তথ্য মুকলিকৈ প্ৰকাশ কৰক।
  • এই প্ৰতিষ্ঠান কেইটাৰ পৰিচালন সঞ্চালকৰ পদ যোগ্য থলগিৰী ব্যক্তিৰ বাবে সংৰক্ষণ কৰক।
  • এই প্ৰতিষ্ঠান কেইটাৰ চাকৰি মকৰলৰ বাবে সকলো ধৰণৰ যোগ্যতা নিৰ্ণয়কাৰী পৰীক্ষা অসমতে অনুষ্ঠিত কৰক। চাকৰিৰ 95% থলগিৰি মানুহৰ বাবেই সংৰক্ষিত থাকিব লাগিব।
  • ওপৰোক্ত প্ৰতিষ্ঠান কেইটাত চাকৰি নিয়োগৰ ক্ষেত্ৰত এক অসাধু গোষ্ঠী (ইয়াত থলগিৰি মানুহো জড়িত আছে) এ ক'লা বজাৰ চলাই আছে । য'ত একো একোটা চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে 25ৰ পৰা 30 লাখ টকা উৎকোচ লোৱা হয় । 80% তকৈ ওপৰত চাকৰি নিয়োগ অনৈতিক পথেৰে চলি আছে। গতিকে এই অসাধু গোষ্ঠী উৎখাত কৰি চাকৰি নিয়োগৰ ক্ষেত্ৰত স্বচ্ছতা অৱলম্বন কৰক।
  • ঠিকাভিত্তিক নিয়োগ বন্ধ কৰি চাকৰি নিয়মীয়া কৰক।
  • অসমৰ গাঁও সমূহলৈ পাইপযোগে ঘৰে ঘৰে ৰন্ধন গেছ যোগানৰ ব্যৱস্থা কৰক। অসমৰ প্ৰাকৃতিক সম্পদৰ লাভ অসমবাসীয়ে ভোগ কৰাটো সুনিশ্চিত কৰক।
  • উল্লেখিত প্ৰতিষ্ঠান কেইটাই অসমৰ বিভিন্ন দল-সংগঠনক উৎসৱ-পাৰ্বন আয়োজন কৰিবলৈ দান-বৰঙনি আগবঢ়োৱাৰ বিপৰীতে অসমৰ সামগ্ৰিক বিকাশৰ লগতে বানপীড়িত তথা প্ৰাকৃতিক দুৰ্যোগত পতিত আর্তজনৰ সহায়ৰ বাবে প্ৰতিটো প্ৰতিষ্ঠানে প্রত্যক্ষভাৱে বছৰি 5 কোটি টকাকৈ আগবঢ়াব লাগিব ৷

লগতে সংগঠনটোৱে বিজ্ঞপ্তি যোগে কয় যে, ওপৰোক্ত চৰ্তসমূহ উল্লেখিত প্ৰতিষ্ঠান কেইটাই মানি চলিলে প্ৰতিষ্ঠান কেইটাৰ বিৰুদ্ধে অনাগত দিনত অনিৰ্দিষ্ট কাললৈ সামৰিক অভিযানৰ পৰা বিৰত থাকিব,অন্যথা থলগিৰিৰ সহযোগত সশস্ত্ৰ প্ৰতিবাদৰ বিকল্প নাথাকিব।

লগতে পঢ়ক: ডিমা হাছাওত ক’ভিড নীতিক লৈ কঠোৰ জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.