ETV Bharat / state

Storm in Tinsukia: শোকাৱহ! ডুমডুমাত প্ৰচণ্ড ধুমুহাই প্ৰাণ কাঢ়িলে দুজনৰ

author img

By

Published : Apr 23, 2023, 1:25 PM IST

তিনিচুকীয়াৰ ডুমডুমাত প্ৰচণ্ড ধুমুহা-বতাহে প্ৰাণ কাঢ়িলে দুজনকৈ লোকৰ ৷ মোলান পথাৰ গাঁ‌ৱৰ ৫৭ বছৰীয়া বিজয় মানকি নামৰ এজন ব্যক্তি আৰু ডুমডুমাৰ বাদলাবেটাত এজন যুৱকৰ মৃত্যু হয় প্ৰচণ্ড ধুমুহাত (Two Persons Died in Due to Storm in Tinsukia) ৷

Heavy storm in Tinsukia
ডুমডুমাত প্ৰচণ্ড ধুমুহা- বতাহে প্ৰাণ কাঢ়িলে দুজনকৈ লোকৰ
ধুমুহাই প্ৰাণ কাঢ়িলে দুজনৰ

তিনিচুকীয়া, ২৩ এপ্ৰিল: ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰকৃতিৰ ৰুষ্ট ৰূপ ৷ বিগত কেইবাদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ ৷ প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিয়ে ব্যাপক ক্ষতি সাধন কৰিছে ৰাজ্যবাসীৰ ৷ ৰাইজৰ ঘৰ-বাৰীৰ লগতে শস্যৰ ভঁৰালৰ বিস্তৰ ক্ষতিসাধন হৈছে ধুমুহাত ৷ এইবাৰ তিনিচুকীয়াৰ ডুমডুমাত প্ৰচণ্ড ধুমুহা-বতাহে দুজনকৈ লোকৰ প্ৰাণ কাঢ়িলে (Two Persons Died in Due to Storm in Tinsukia) ৷

শনিবাৰে নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাতো প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহাত বহু ঠাইত বিস্তৰ ক্ষতি সাধন হয় (Heavy storm in Tinsukia) ৷ সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ ডুমডুমা বৰহাপজান মোলানপথাৰ গাঁৱটো সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ মোলান পথাৰ গাঁ‌ৱৰ ৫৭ বছৰীয়া বিজয় মানকি নামৰ এজন ব্যক্তি বতাহ ধুমুহা দি থকাৰ সময়ত ঘৰৰ বাহিৰলৈ ওলাই আহোঁতেই এজোপা প্ৰকাণ্ড গছ পৰি ঠাইতেই মৃত্যু হয় ৷ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া বিজয় মানকিৰ ঘৰত পত্নী, পুত্ৰ, নাতিসহ ছয়জন লোক আছিল ঘৰখনত (Heavy Storm and hailstorm in Tinsukia) ৷

আনহাতে একেজাক ধুমুহাতে ডুমডুমাৰ বাদলাবেটাত ঘটে আনটো শোকাৱহ ঘটনা ৷ মটৰ চাইকেলেৰে ঘৰলৈ গৈ থকাৰ সময়ত গছৰ ডাল পৰি আন এজন যুৱকৰ মৃত্যু হয় । যুৱকজন ডুমডুমাৰ পৰা বৰডুবিৰ নিজা ঘৰলৈ গৈ থকাৰ সময়ত সংঘটিত হয় এই ঘটনাটো (Heavy Storm and hailstorm in Doom Dooma) ।

মটৰ চাইকেলেৰে ঘৰলৈ আহিছিল দুজনকৈ যুৱক ৷ মটৰ চাইকেলৰ পাচফালৰ আসনত বহি থকা দেৱ কুমাৰ ঠাকুৰ নামৰ যুৱকজনৰ ওপৰত গছৰ ডাল ভাঙি পৰে ৷ গছৰ ডাল মুৰত লগাৰ ফলত মটৰ চাইকেলৰ পৰা যুৱকজন পৰি মৃত্যু হয় ৷ পৰৱৰ্তী সময়ত ধুমুহাত মৃত দুয়োৰে দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক: Underwater Hydrocarbon Pipeline: ব্ৰহ্মপুত্ৰৰ তলেৰে সম্পূৰ্ণ হ’ল এছিয়াৰ সৰ্ববৃহৎ হাইড্ৰ'কাৰ্বন পাইপলাইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.