ETV Bharat / state

Road Accident in Tinsukia: তিনিচুকীয়াত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজনকৈ লোকে

author img

By

Published : Mar 20, 2023, 11:33 AM IST

তিনিচুকীয়াত একেদিনাই সংঘটিত দুটাকৈ শোকাৱহ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত নিহত দুজনকৈ ব্যক্তি । তিনিচুকীয়াৰ মাকুম পথত দুখন মটৰচাইকেলৰ মাজত মুখামুখিকৈ সংঘটিত হোৱা পথ দুৰ্ঘটনাত নিহত হয় এজন ব্যক্তি(Two tragic road accidents in Tinsukia on the same day) । আনহাতে মাৰ্ঘেৰিটা দিহিং চাহবাগিছাৰ সমীপত এজন শ্ৰমিকে ঘৰলৈ গৈ থকা সময়তে মহতিয়াই নিয়ে লোকজনক । ফলত থিতাতে নিহত হয় লোকজন ।

Two tragic road accidents in Tinsukia on the same day
তিনিচুকীয়াত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজনকৈ লোকে

তিনিচুকীয়া, ২০ মাৰ্চ: দেওবাৰে সন্ধিয়াৰ ভাগত তিনিচুকীয়াৰ মাকুম পথত সংঘটিত হয় এক ভয়ানক পথ দুৰ্ঘটনা ৷ দুখন মটৰচাইকেলৰ মাজত মুখামুখিকৈ সংঘটিত হোৱা সংঘৰ্ষত এজন লোক থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আন এজন আৰোহী ৷ নিহত লোকজন তিনিচুকীয়াৰ পংকজ শৰ্মা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷ অৱশ্যে আঘাতপ্ৰাপ্তজনৰ পৰিচয় বৰ্তমানলৈ লাভ কৰা নাই (Road Accident in Tinsukia) ৷

নিহত পংকজ শৰ্মাৰ তিনিচুকীয়া উৰণীয়া সেঁতুৰ সমীপত মটৰচাইকেল গেৰেজৰ দোকান আছে বুলি জানিব পৰা গৈছে । পথৰ কাষৰ CC কেমেৰাৰ দৃশ্য অনুসৰি মাকুমৰ দিশৰ পৰা তিনিচুকীয়া অভিমুখী AS 23 W 4356 নম্বৰৰ ৰয়েল এনফিল্ড বাহনখনক বিপৰীত দিশৰ পৰা অহা আন এখন মটৰচাইকেলে খুন্দিওৱাৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷ এনফিল্ডখনত খুন্দিয়াই আনখন মটৰ চাইকেলৰ আৰোহীয়ে পলায়ন কৰে ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত ততাতৈয়াকৈ তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত লোকজনক চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ (Tinsukia Civil Hospital) প্ৰেৰণ কৰাৰ লগতে পংকজ শৰ্মাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ সমান্তৰালভাৱে পথৰ কাষৰ গোপন কেমেৰাৰ দৃশ্য সংগ্ৰহ কৰি পলায়ন কৰা মটৰচাইকেলখনৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

উল্লেখযোগ্য যে, একাংশ কোনো গুৰু গোসাঁই নমনা উদণ্ড মটৰচাইকেল চালকৰ কাৰণেই সঘনাই পথ দুৰ্ঘটনাত মৃত্যু হ’ব লগা হৈছে ইজনৰ পাচত সিজন লোকৰ ৷ ইফালে, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা দিহিং চাহবাগিছাৰ সমীপতো দেওবাৰে সন্ধিয়াৰভাগত এক পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক । দিহিং চাহবাগিছাৰ অল্ড লাইনৰ নটেল ছত্ৰিয়া নামৰ দিহিং চাহবাগিছাৰে শ্ৰমিকজনে নিজ গৃহলৈ খোজ কাঢ়ি গৈ থকা অৱস্থাত পাছফালৰ পৰা তীব্ৰ বেগত আহি থকা AS 23 G 0646 নম্বৰৰ অ'টখনে খুণ্ডা মৰাৰৰ ফলত নটেল ছত্ৰিয়াৰ থিতাতে মৃত্যু হয় ।

ঘটনাস্থলীত ততাতৈয়াকৈ মাৰ্ঘেৰিটা আৰক্ষী উপস্থিত হৈ মৃতদেহ চমজিলৈ তদন্ত আৰম্ভ কৰে । দুৰ্ঘটনা সংঘটিত কৰা অ'ট খন আৰক্ষীয়ে জব্দ কৰিছে যদিও চালকজনে পলায়ন কৰে । মাৰ্ঘেৰিটাত একাংশ অ'টচালকৰ মইমতালিৰ ফলত ইতিমধ্যে বহুকেইটা দুৰ্ঘটনা সংগঠিত হৈছে । প্ৰায় সংখ্যক অ'ট চালকে উপযুক্ত নথি-পত্ৰ নথকাকৈয়ে অ'ট চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ৷ লগতে অধিক যাত্ৰী অ'ট সমূহ কঢ়িয়াই যাত্ৰীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে । এইক্ষেত্ৰত নিয়ম অমান্য কৰা অ'ট সমূহক নাকী লগাবলৈ মাৰ্ঘেৰিটা আৰক্ষীক দাবী জনাইছে সচেতন মহলে ।

লগতে পঢ়ক: Poor condition of health center: উৱলি যোৱা বেৰ, ফুটা টিনপাতেৰে চলিছে বকোৰ স্বাস্থ্য কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.