ETV Bharat / state

Imam Murder in Tinsukia: তিনিচুকীয়াৰ ইমাম হত্যাকাণ্ডৰ সন্দৰ্ভত দুজনক আটক - মছজিদচ ইমামক হত্যা তিনিচুকীয়া

মাকুমত ইমাম হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত দুজনক আটক কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে সোধ-পোছ ৷ দোষীক যথোচিত শাস্তি প্ৰদানৰ আশ্বাস দিছে তিনিচুকীয়া আৰক্ষীয়ে ৷

Imam Murder in Tinsukia
তিনিচুকীয়াৰ ইমাম হত্যাকাণ্ডৰ সন্দৰ্ভত দুজনক আটক
author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 6:13 PM IST

তিনিচুকীয়াৰ ইমাম হত্যাকাণ্ডৰ সন্দৰ্ভত দুজনক আটক

তিনিচুকীয়া, 5 নৱেম্বৰ : তিনিচুকীয়া জিলাৰ মাকুমত সংঘটিত হ’ল এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ দেওবাৰে পুৱা মাকুম কলাবাৰীস্থিত এক মছজিদত সংঘটিত হোৱা হত্যাকাণ্ডটোৱে জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ৷ মছজিদটোৰ ভিতৰতে তেজীব্বুৰ ইছলাম নামৰ ৫৫ বছৰীয়া ইমামজনক ডিঙি কাটি হত্যা কৰে দুৰ্বৃত্তই ৷

ঘটনাটো সংঘটিত হোৱাৰ পাচতে ঘটনাস্থলীত তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক বিভাষ দাসৰ নেতৃত্বত মাকুম আৰক্ষীৰ দল উপস্থিত হয় ৷ আৰক্ষীৰ দলটো উপস্থিত হৈয়েই তাৎক্ষণিকভাৱে তদন্ত আৰম্ভ কৰে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে উক্ত হত্যাকাণ্ডত সৈতে জড়িত থকাৰ সন্দেহত দুজনকৈ লোকক আটক কৰি মাকুম আৰক্ষী থানাত তদন্ত অব্যাহত ৰাখিছে ৷ তদন্তৰ খাতিৰত আৰক্ষীয়ে আটকাধীন লোক দুজনৰ নাম উল্লেখ কৰা নাই ৷

আনহাতে ঘটনাস্থলীত শশ স্থানীয় লোক সমবেত হৈ হত্যাকাৰীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনায় ৷ তিনিচুকীয়াৰ উপ- আৰক্ষী অধীক্ষকগৰাকীয়ে উপস্থিত ৰাইজক আশ্বাস প্ৰদান কৰে যে অতিশীঘ্ৰেই দোষীক চিনাক্ত কৰি শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হ’ব ৷ সম্প্ৰতি পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে সদৰী কৰে ৷ ইফালে, উক্ত ঘটনাৰ উচিত তদন্ত কৰি হত্যাকাৰীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ মুছলিম ছাত্ৰ সন্থা, গৰীয়া-মৰীয়া দেশীয় জাতীয় পৰিষদৰ লগতে সচেতন মহলে দাবী উত্থাপন কৰিছে ৷

উল্লেখযোগ্য যে, দেওবাৰে পুৱা ৪ বজাতেই মছজিদত আজান দিয়াৰ পাচতেই বহি থকাৰ সময়ত ইমামগৰাকীক পাচফালৰ পৰা এখন দাৰে ডিঙি কাটি হত্যা কৰে দুৰ্বৃত্তই ৷ ইমামজনৰ ঘৰৰ বিহাৰত বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : Murder case : আজান দি থকাৰ সময়তে ইমামক ডিঙি কাটি হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.