তিনিচুকীয়া, 23আগষ্টঃ ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৷ সমান্তৰালভাৱে আৰক্ষী প্ৰশাসনৰ লোক ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ সংখ্যাও ৰাজ্যত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷
আজি তিনিচুকীয়া জিলাৰ দুজনকৈ শীৰ্ষ আৰক্ষী বিষয়াৰ শৰীৰত ধৰা পৰিছে ক'ভিড-19 ৷ স্বাৱ পৰীক্ষাৰ অন্তত দুয়োগৰাকী আৰক্ষী বিষয়াৰ ক'ভিড-19 ৰিজাল্ট প'জিটিভ অহাৰ খবৰ বিয়পি পৰাৰ লগে লগে জিলাখনত এতিয়া আতংকৰ সৃষ্টি হৈছে ৷ ইপিনে, কৰ'ণাত আক্ৰান্ত হোৱা দুগৰাকী আৰক্ষী বিষয়া হৈছে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতি ৷
উল্লেখযোগ্য যে, কিছুদিন ধৰি জ্বৰ-কাঁহত আক্ৰান্ত হৈ আছিল দুয়োগৰাকী আৰক্ষী বিষয়া ৷
আনহাতে বৰ্তমান সমগ্ৰ ৰাজ্যত কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 89 হাজাৰ 468 গৰাকী হোৱাৰ লগতে আৰোগ্য লাভ কৰিছে 67 হাজাৰ 641 গৰাকী লোকে ৷ তদুপৰি কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 234 গৰাকী ৷