ডুমডুমা,16 ডিচেম্বৰ : ভাৰতীয় সীমান্ত পথ প্ৰাধিকৰণ ডুমডুমা শাখাৰ উদ্যোগত মঙলবাৰে ডুমডুমাত বাহিৰ কৰা হয় স্বচ্ছতাৰ ৰেলী ৷ সীমান্ত পথ প্ৰাধিকৰণ ডুমডুমা শাখাৰ কাৰ্যলয়ত স্বচ্ছ ভাৰত অভিযানৰ অধীনত কেইবাদিন ধৰি কাৰ্যালয়ৰ চৌপাশ চাফ-চিকুণ কৰাৰ লগতে বিভিন্ন প্লে-কাৰ্ড, শ্ল’গানেৰে বাহিৰ কৰা হয় এই ৰেলী ৷ স্বচ্ছতাৰ ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজক সজাগ কৰাৰ মানসেৰে 8 নংস্থিত কাৰ্যালয়ৰ পৰা ডুমডুমালৈ শোভাযাত্ৰা উলিওৱা হয় ।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই স্বচ্ছ ভাৰত অভিযানক অধিক গুৰুত্ব দিবলৈ ৰাইজক আয়োজক সীমান্ত পথ প্ৰাধিকৰণ ডুমডুমা শাখাই আহ্বান জনায় ।
লগতে পঢ়ক : ধেমাজি গোহাই গাঁও পঞ্চায়তত ব্যাপক অনিয়মৰ অভিযোগ