মাৰ্ঘেৰিটা, 26 জুনঃ এটা শিশুক অশেষ কষ্টেৰে তুলি-তালি ডাঙৰ দীঘল কৰে এগৰাকী মাতৃয়ে। জীৱনৰ প্ৰথম পাঠদান কৰে এগৰাকী মাতৃয়ে। 'মা' শব্দটোত সোমাই আছে মমতা, মৰম, চেনেহ আৰু শাসন। কিন্তু মাকৰ শাসনৰ অন্তৰালত লুকাই থকা মৰমক বুজি পোৱাৰ অসমৰ্থ সন্ধ্যা ৷ ফলশ্ৰুতিত আজি কন্যাৰ বাবে বিনাইছে এইগৰাকী মাতৃয়ে ৷
![Sandhya Tamang](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-mrg-801-26jun-death-shyamal-neog_26062020114036_2606f_1593151836_909.jpg)
দৰাচলতে, বিগত চাৰি দিনে ঘৰৰ পৰা ওলাই গৈ নিখোজ হৈ আছে তিনিচুকীয়াৰ সন্ধ্যা তামাং নামৰ এগৰাকী মহিলা ৷ ইতিমধ্যে স্থানীয় আৰক্ষীক খবৰ কৰা হৈছে যদিও আৰক্ষীয়েও কোনো সন্ধান পোৱা নাই সন্ধ্যাৰ ৷ জানিব পৰা মতে, 23 জুনৰ দিনা মাতৃৰ সৈতে কোনো কাৰণত তৰ্কা-তৰ্কিত লিপ্ত হৈছিল সন্ধ্যা ৷ পৰৱৰ্তী সময়ত মাতৃয়ে সন্ধ্যাক চৰ মৰাৰ ফলত ঘৰৰ পৰা ওলাই যায় সন্ধ্যা ৷
লগতে পঢ়কঃ চাংলাঙৰ চাংকা হাবিত আটক চাৰি গৰাকী আলফা (স্বা) কেডাৰ
বহু সময়লৈ সন্ধ্যা উভতি নহাৰ ফলত স্বামী আৰু মাতৃয়ে বিভিন্ন স্থানত খোচ বিচাৰ কৰে যদিও সন্ধ্যাৰ কোনো শুংসূত্ৰ নোপোৱাত পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে ৷ ইফালে এগৰাকী যুৱতীয়ে দলঙৰ পৰা জঁপিওৱা বুলি আৰক্ষীৰ সূত্ৰে জানিবলৈ পায় সন্ধ্যাৰ পৰিয়ালে ৷ সেইগৰাকী যুৱতী সন্ধ্যা বুলি প্ৰমাণ হোৱা নাই যদিও আজি চাৰি দিনে সন্ধ্যাৰ কোনো খবৰ পোৱা নাই পৰিয়ালৰ লোকে ৷