ETV Bharat / state

গণপ্ৰহাৰঃ প্ৰকৃততে কি হৈছিল তিনিচুকীয়াত!

অভি-নীল কাণ্ডৰ বৰ্ষপূতিৰ আগদিনা ৰাজ্যত অনুৰূপ গণপ্ৰহাৰৰ ঘটনা ৷ আৰক্ষীৰ সন্মুখতে মৰিয়াই মৰিয়াই হত্যা মাতৃ-পুত্ৰক ৷ চাঁওক তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱালৰ সৱিশেষ প্ৰতিবেদন...

Breaking News
author img

By

Published : Jun 8, 2019, 11:10 PM IST

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে গণপ্ৰহাৰৰ ঘটনা। তিনিচুকীয়াৰ বোৱাৰী হত্যাৰ অপৰাধত এদল উন্মাদ মহিলাই অতি নৃশংসতাৰে হত্যা কৰিলে মাতৃ-পুত্ৰক। চাওক আমাৰ এক বিশেষ প্ৰতিবেদন-

নৃশংস,বৰ্বৰ ঘটনা সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ ৰংপুৰীয়াৰ শিউপুৰ চাহ বাগিচাৰ ৪নং লাইনত

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে গণপ্ৰহাৰৰ ঘটনা। তিনিচুকীয়াৰ বোৱাৰী হত্যাৰ অপৰাধত এদল উন্মাদ মহিলাই অতি নৃশংসতাৰে হত্যা কৰিলে মাতৃ-পুত্ৰক। চাওক আমাৰ এক বিশেষ প্ৰতিবেদন-

নৃশংস,বৰ্বৰ ঘটনা সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ ৰংপুৰীয়াৰ শিউপুৰ চাহ বাগিচাৰ ৪নং লাইনত
Intro:Intro:- ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে গণপ্ৰহাৰৰ ঘটনা। তিনিচুকীয়াৰ বোৱাৰী হত্যাৰ অপৰাধত এদল উন্মাদ মহিলাই অতি নৃশংসতাৰে হত্যা কৰিলে মাতৃ-পুত্ৰক। চাওক আমাৰ এক বিশেষ প্ৰতিবেদন-


Body:GFX:-নৃশংস,ঘৃণনীয়,অমানৱীয়

GFX:-মানৱতাক লজ্জানত কৰা এটা ভয়ংকৰ হত্যাকাণ্ড

GFX:-চাৰি শতাধিক উত্তেজিত লোকে প্ৰহাৰ কৰি হত্যা কৰিলে মাতৃ-পুত্ৰক

GFX:-ঘটনাকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া

VO:-হয়, এই নৃশংস,বৰ্বৰ ঘটনা সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ ৰংপুৰীয়াৰ শিউপুৰ চাহ বাগিচাৰ ৪নং লাইনত। ঘটনাৰ বিবৰণী অনুসৰি,বিগত বুধবাৰৰ পৰা তিনিদিন ধৰি শিউপুৰ চাহ বাগিচাৰ ৪নং লাইনৰ অজয় তাঁতীৰ দুমহীয়া কন্যা সন্তানসহ পত্নী ৰাধা গড় তাঁতী সন্ধানহীন হৈ আছিল। শুকুৰবাৰৰ দিনটোত বাহাদুৰ চাৰিআলিৰ পৰা ৰাধা গঁড়ৰ পৰিয়ালৰ লোক আৰু লাইনৰ চাৰি শতাধিক পুৰুষ মহিলা অজয় তাঁতীৰ ঘৰত উপস্থিত হৈ ৰাধা গঁড় আৰু দুমহীয়া সন্তানক বিচাৰি অজয় ৰ ঘৰৰ ভিতৰে বাহিৰে তালাচী কৰি থকাৰ সময়তে এজন যুৱকে শৌচাগাৰৰ টেংকী ঢাকোন খুলি চোৱাত শৌচাগাৰৰ গাতৰ ভিতৰত হাতভৰি বন্ধা অৱস্থাত দেখা পাই ৰাধাৰ পৰিয়ালৰ লোকে হত্যা কৰাৰ সন্দেহ কৰি উত্তেজিত হৈ পৰে। উত্তেজিত ৰাইজে ৰাধৰ স্বামী অজয় তাঁতী আৰু মাতৃ যমুনা তাঁতীক এফালৰ পৰা মৰেল পুলিচ ৰ গিৰীৰে প্ৰহাৰ কৰিবলৈ ধৰে। অতি নির্মম আৰু নৃশংস ভাবে প্ৰহাৰ কৰাত থিতাতে অজয়ৰ মাতৃ যমুনা তাঁতীৰ মৃত্যু হয়। ইফালে অজয় তাঁতীও গুৰুত্ব ভাবে আহত হৈ চটফটাই থকাৰ সময়তে আৰক্ষী উপস্থিত হৈ অজয় তাঁতী ক তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে যদিও অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে মৃত ঘোষণা কৰে অজয় তাঁতীক।

BYET:- স্থানীয় লোক।

BYET:- স্থানীয় লোক।

VO:- আনহাতে উত্তেজিত ৰাইজে ইয়াতে ক্ষান্ত নাথাকি অজয় তাঁতীৰ ঘৰ ভাঙি পেলায়। অৱশেষত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে মৃতদেহ তিনিটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই জঘন্য ঘটনাৰ সন্দৰ্ভত তিনিচুকীয়া সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ আইনৰ ১৪৩/১৪৪/১৪৭/১৪৮/১৪৯/৩০২১২০(B)/৩৫৩/৪২৭ ধাৰাত ৮০৫/১৯ গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে সন্ধানহীন দুমহীয়া কন্যা সন্তানটোৰ উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছে।

BYET:- ৰিপুঞ্জয় কাকতি,অতিৰিক্ত আৰক্ষী অধীক্ষক

END:-কি কাৰণত অজয় তাঁতীৰ পত্নী ৰাধা গড় তাঁতীৰ মৃত্যু হল সেয়া আৰক্ষীৰ তদন্তই হে পোহৰলৈ আনিব ঘটনাৰ প্ৰকৃত কাৰণ। আনহাতে হত্যাকাণ্ডৰ সন্দেহত আইন হাতত তুলিলৈ মানৱতাৰ নৃশংস ভাবে হত্যাকাণ্ড সংঘটিত কৰা এইসকলৰ বৰ্বৰতাক কি বুলি তুলনা কৰিব?কলৈ গৈ আছে মানুহৰ মানৱতা?মানৱতাক ভূ লুণ্ঠিত কৰা এই সকল লোকেই একবিংশ শতিকাৰ শ্ৰেষ্ঠ মানৱ জাতি নেকি?


Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱালৰ ৰিপৰ্ট ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.