শদিয়া,16 চেপ্তেম্বৰঃ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমচাং ২নং লাইনৰ এটা হত্যা কাণ্ডই কাকপথাৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পত্নীক ডিঙি চেপি হত্যা কৰি স্বামীয়েও ঘৰতে চিপ লৈ আত্মহত্যা কৰে বুলি জানিব পৰা গৈছে ৷ ঘৰুৱা কন্দলৰ বাবেই স্বামী বিশ্বজিৎ পাতৰে পত্নী লিলি পাতৰক হত্যা কৰিলে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷ কুমচাং চাহ বাগিচাত চাহ শ্ৰমিক হিচাপে কৰ্মৰত বিশ্বজিৎ পাতৰে মদৰ ৰাগিত মতলীয়া হৈ ঘটনাটো সংঘটিত কৰে বুলি অনুমান কৰিছে স্থানীয় ৰাইজে৷
আনদিনৰ দৰে দেওবাৰে নিশাও বিশ্বজিতে অত্যাধিক মদ্যপান কৰি ওচৰতে থকা কৰম সন্মিলনৰ বাবে ঘৰৰ কাষৰ মানুহ নথকাৰ সুযোগ লৈ নিশা প্ৰায় ১১ বজাত ঘটনাটো সংঘটিত কৰে ৷ উল্লেখ্য যে হত্যাকাৰী বিশ্বজিৎ পাতৰে তেওঁৰ প্ৰথমা পত্নীকো দাৰে ঘপিয়াই হত্যা কৰি ৰঙাঘৰৰ আলহী হৈছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে ৷ ইতিমধ্যে কাকপথাৰ আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷