শদিয়া, 13 মাৰ্চ: কাকপথাৰত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ দ্বি-বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশন ৷ পৰাগ ভূঞা সোৱঁৰণি সমন্বয় ক্ষেত্ৰ নামেৰে নামকৰণ কৰি কাকপথাৰ সাংস্কৃতিক সংঘ প্ৰেক্ষাগৃহত শুকুৰবাৰে পুৱা ক্ষেত্ৰ উদ্বোধন কৰে কাকপথাৰ হাতীগড় সত্ৰৰ সত্ৰাধিকাৰ চক্ৰেশ্বৰ মহন্তই ৷
ইয়াৰ পিছতেই বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ প্ৰতিযোগিতা উদ্বোধন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী বিপুল ফুকনে ৷ সমান্তৰালভাৱে অধিৱেশনৰ কাৰ্যসূচী অনুসৰি তিনিচুকীয়া জিলাৰ প্ৰায় 30 গৰাকী সাংবাদিকে কাকপথাৰৰ অতিকৈ ভিতৰুৱা চুমনি চাপৰি গাঁও ভ্ৰমণ কৰি গাঁওবাসীৰ সমস্যাসমূহৰ বুজ লয় ৷
তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা অধিৱেশনৰ মুকলি সভাত অসমৰ জেষ্ঠ সাংবাদিক ডিপক শৰ্মা, বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সম্পাদক ৰাণাজ্যোতি নেওগে ৷
লগতে পঢ়ক-ড৹ অজিত বড়োলৈ বড়ো ভাষাৰ 2020 বৰ্ষৰ শিশু সাহিত্য অকাডেমী বঁটা