তিনিচুকীয়া,13 মাৰ্চঃ ‘কা’ বাতিলৰ লগতে কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত শুকুৰবাৰে তিনিচুকীয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আহ্বানত আৰু বিভিন্ন সংগঠনৰ সহযোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ প্ৰতিবাদস্থলীৰ পৰাই ‘কা’ বাতিল আৰু ‘কা’ আন্দোলনত অংশগ্ৰহণ কৰি কৰাগাৰত আৱদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈ, বিতু সোণোৱাল, ধৈৰ্য্য কোঁৱৰৰ লগতে আন আন প্ৰতিবাদী নেতা সকলক অতি সোনকালে মুক্তি দাবী জনায় দল সংগঠন সমূহে ৷ ইয়াৰ উপৰিও কাৰাগাৰৰ ভিতৰত ৰোগত আক্ৰান্ত নেতাসকলৰ উন্নত চিকিৎসা প্ৰদানৰ দাবী উত্থাপন কৰে কৃষক নেতা লক্ষ্যজ্যোতি গগৈয়ে ৷
লগতে পঢ়ক- অনিশ্চয়তাত মাদ্ৰাছা, সংস্কৃত টোলত অধ্যয়নৰত শিক্ষাৰ্থীৰ ভৱিষ্যৎ