নিউজ ডেস্ক , ২৬ নৱেম্বৰ: তিনিচুকীয়া জিলা সাহিত্য সেৱী মঞ্চৰ তৃতীয় বাৰ্ষিক অধিৱেশনখনি আজি এদিনীয়া কাৰ্যসূচীৰে ডুমডুমাৰ ৰূপাই জাতীয় বিদ্যালয়ত অনুষ্ঠিত হৈ যায়(Third annual conference of sahitya sewi mancha Tinsukia district) । পুৱা মঞ্চৰ পতাকা উত্তোলন কৰে মঞ্চৰ সভাপতি অতুল চন্দ্ৰ শৰ্মাই আৰু স্মৃতি তৰ্পণ কৰে মঞ্চৰ মাৰ্গদৰ্শক সমিতিৰ অন্যতম সদস্য বদন শৰ্মাই ।
অতুল চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বিষয় বাছনি সভাখনি ৰূপাই জাতীয় বিদ্যালয়ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এটা বৰগীতেৰে আৰম্ভ কৰা হয় । মঞ্চৰ সম্পাদক শৰৎ চন্দ্ৰ চিৰিং ফুকন আৰু বিত্ত সম্পাদক অভিজিৎ খাটনিয়াৰে সম্পাদকীয় প্ৰতিবেদন আৰু বিত্তীয় প্ৰতিবেদন সভাত দাখিল কৰে । বিয়লি মঞ্চৰ নৱ-নিৰ্বাচিত সভাপতি অতুল বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত অধিৱেশনৰ মুকলি সভাখনি উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক তথা মঞ্চৰ এগৰাকী অন্যতম মাৰ্গদৰ্শক পুণ্য শইকীয়াই ।
সভাপতিৰ অভিভাষণত মঞ্চৰ নৱ-নিৰ্বাচিত সভাপতি অতুল বৰদলৈয়ে কয় যে জনগোষ্ঠীয় মাত-কথাই নতুন নতুন ৰূপেৰে , বিভিন্ন উপাদানেৰে অসমীয়া ভাষা-সাহিত্যক চহকী কৰি আহিছে । সেয়েহে এই নৃগোষ্ঠীয় লোক-উপাদানসমূহক সমল হিচাপে আহৰণ কৰিব পাৰিলেহে জাতিটোৰ লগতে ভাষা-সাহিত্যৰো উত্তৰণ ঘটিব ।
মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া যোগেশ বৰুৱাই । নিজৰ ভাষণত বৰুৱাই সম্প্ৰতি সমাজত পঢ়ুৱৈৰ সংখ্যা কমি যোৱা বুলি খেদ ব্যক্ত কৰি সাহিত্য সেৱী মঞ্চৰ দৰে সাহিত্য সংগঠনসমূহক পঢ়ুৱৈ সৃষ্টি কৰাৰ বাবে বিশেষ অভিযান চলাবলৈ আহ্বান জনায় । মুকলি সভাত বিশিষ্ট লেখিকা প্ৰণতি বৰুৱাৰ নৱতম উপন্যাস 'ন-দিহিং: বলুকা আৰু বিষাদ' আৰু ৰুণুমণি দত্ত ভূঞাৰ প্ৰৱন্ধ সংকলন 'উন্মেষ' উন্মোচন কৰে অসম মাধ্যমিক শিক্ষা সংসদৰ ভূতপূৰ্ব অধ্যক্ষ ধনদেৱ মহন্তই ।
ভাষণ প্ৰসংগত উন্মোচক মহন্তই অনাগত দিনত অসমীয়া ভাষা-সাহিত্যৰ উন্নতি সাধনত তিনিচুকীয়া জিলা সাহিত্য সেৱী মঞ্চই আৰু অধিক সক্ৰিয়তাৰে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে । মুকলি সভাতে প্ৰয়াত বেণুধৰ নেওগ সোঁৱৰণী বক্তৃতা প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক, লেখক অমূল্য খাটনিয়াৰে । 'আজিৰ সাংবাদিকতা' বিষয়ত বক্তৃতা প্ৰদান কৰি সাংবাদিক খাটনিয়াৰে কয় যে সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ভুমিকা পালনত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । আজিৰ সাংবাদিকতাক মালিক পক্ষই সম্পূৰ্ণৰূপে ব্যৱসায়িক স্বাৰ্থত ব্যৱহাৰ কৰিছে বুলি তেওঁ মন্তব্য কৰে ।
মঞ্চৰ সহকাৰী সম্পাদক পল্লৱ শৰ্মাই আঁত ধৰা মুকলি সভাত বিশিষ্ট কণ্ঠশিল্পী ৰুণুমণি দত্ত ভূঞাৰ দল আৰু গিৰিবালা দাসে একোটিকৈ গীত পৰিৱেশন কৰে । সভাত মঞ্চৰ বিদায়ী সভাপতি অতুল চন্দ্ৰ শৰ্মা, প্ৰতিষ্ঠাপক সভানেত্ৰী শ্বৰিফা খাতুন চৌধুৰী, মাৰ্গদৰ্শক বদন শৰ্মা, বিশিষ্ট লেখক তথা ডুমডুমা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ প্ৰফুল্ল মেধি, ডুমডুমা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা বীণা বৰদলৈ, বিশিষ্ট কবি ড৹ অৰুণা গগৈ বৰুৱা, জ্যেষ্ঠ সাংবাদিক অৰ্জুন বৰুৱা, ডুমডুমা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা প্ৰণীতা সন্দিকৈ, লেখিকা মঞ্জুল শৰ্মা, বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড৹ প্ৰণীতা নেওগ প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক: Kitawada Falls incident: চেলফি তোলাৰ সময়তে প্ৰাণ গ’ল 4 যুৱতীৰ