ETV Bharat / state

Pranjal Moran Missing case: টিৰাপ কলিয়ৰীৰ কয়লা খনিত অসম মৰাণ সভাৰ সঁজাতী দল

author img

By

Published : Mar 1, 2023, 11:07 AM IST

প্ৰাঞ্জল মৰাণৰ অনুসন্ধানৰ শেহতীয়া বুজ লবলৈ অসম মৰাণ সভাৰ সজাতি দল এটাই মঙলবাৰে পুনৰ উপস্থিত হয় লিডু টিৰাপ কলিয়ৰীৰ কয়লা খনিত(Asom Maran Sabha team at Tirap coal mine) । উক্ত স্থানত উপস্থিত হৈ প্ৰাঞ্জল মৰাণৰ অনুসন্ধান কাৰ্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰে অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়া আৰু সাধাৰণ সম্পাদক বিতুপন মৰাণে ।

Asom Maran Sabha team at Tirap coal mine
টিৰাপ কলিয়ৰীৰ কয়লা খনিত অসম মৰাণ সভাৰ সঁজাতি দল

টিৰাপ কলিয়ৰীৰ কয়লা খনিত অসম মৰাণ সভাৰ সঁজাতী দল

তিনিচুকীয়া,২৮ ফেব্ৰুৱাৰী: তিনিচুকীয়া জিলাৰ লিডুস্থিত টিৰাপ কলিয়ৰীত কৰ্মৰত অৱস্থাত তিনিচুকীয়া জিলাৰ মাকুম শুকানি গাঁৱৰ যুৱক প্ৰাঞ্জল মৰাণে ১২ জানুৱাৰীৰ পৰা বিগত দুমাহ ধৰি সন্ধানহীন হৈ আছে(Laborer missing in Ledu coal mine) ৷ পৰিয়ালক মাঘৰ বিহুত ঘৰলৈ অহাৰ কথা দিছিল যদিও ঘৰলৈ নাহিল প্ৰাঞ্জল ৷ জীৱিত ৰূপত অহা দূৰৰে কথা, আজি পৰ্যন্ত মৃতদেহৰো কোনো সন্ধান নাই প্ৰাঞ্জলৰ(Pranjal Moran Missing case) । তাকে লৈ প্ৰাঞ্জল মৰাণৰ সন্ধানত বিগত কেইবাদিন ধৰি অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে মাকুম আঞ্চলিক সমিতিৰ সহযোগত তীব্ৰ আন্দোলন চলাই আহিছে যদিও জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো ফল লাভ কৰা পৰিলক্ষিত হোৱা নাই ।

শেহতীয়াকৈ প্ৰতিবাদৰ পাছত তিনিচুকীয়া জিলা প্ৰশাসনে যুৱকজনৰ কৰ্মৰত স্থানত উচিত অনুসন্ধান চলাব বুলি আশ্বাস দিছিল যদিও আজিলৈকে কোনো ধৰণৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই । প্ৰশাসনৰ দ্বাৰা চলা অনুসন্ধানৰ শেহতীয়া বুজ লবলৈ অসম মৰাণ সভাৰ সঁজাতী দল এটাই মঙলবাৰে পুনৰ উপস্থিত হয় লিডুস্থিত টিৰাপ কলিয়ৰীৰ কয়লা খনিত(Asom Maran Sabha team at Tirap coal mine) । সেই স্থানত উপস্থিত হৈয়ে সংগঠনটোৰ নেতৃবৰ্গই জিলা প্ৰশাসনে যুৱকজনৰ সন্ধান চলোৱা কার্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে তিনিচুকীয়া জিলা উপায়ুক্তগৰাকীয়ে যুৱকজনৰ অনুসন্ধানৰ ক্ষেত্ৰত যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কাৰ্যক্ষেত্ৰত সেই ধৰণে হোৱা নাই বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

সমান্তৰালভাৱে, এজাহাৰ দাখিল কৰা লিডু আৰক্ষী থানাত অসম মৰাণ সভাৰ সঁজাতী দলটো উপস্থিত হৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক সাক্ষাৎ কৰাৰ লগতে তদন্তৰ অগ্ৰগতিৰ সন্দৰ্ভত বুজ লয় ৷ পৰৱৰ্তী সময়ত মৰাণ সভাৰ সঁজাতী দলটোৱে সংবাদ মাধ্যমৰ আগত আৰক্ষীৰ তদন্ত উচিত দিশত গতি কৰিছে বুলি জানিব দিয়াৰ লগতে অতি সোনকালে প্ৰাঞ্জল মৰাণৰ পৰিয়ালে উচিত ন্যায় লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ৷ লগতে আৰক্ষীৰ তদন্তৰ খাতিৰত কিছুমান কথা অৱগত কৰিব নোৱৰাত তোওঁলোকো জ্ঞাত নহয় যদিও যিখিনি অৱগত কৰিছে তাক লৈ প্ৰাঞ্জল মৰাণৰ সন্ধান শীঘ্ৰে লাভ কৰিব বুলি আশা কৰিব পাৰিব বুলি উল্লেখ কৰে ৷

আনহাতে, মঙলবাৰে অসম মৰাণ সভাৰ সঁজাতী দলটোৱে লিডুৰ উক্ত কয়লাখনি পৰিদৰ্শন কৰি আহি এক আলোচনাত মিলিত হোৱাৰ লগতে প্ৰাঞ্জল মৰাণৰ ঘটনাৰ সৈতে পৰৱৰ্তী পন্থা কেনেদৰে ল’ব পাৰি তাৰ পৰিকল্পনা প্ৰস্তুত কৰিব বুলি জানিব দিয়ে অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়া আৰু সাধাৰণ সম্পাদক বিতুপন মৰাণে ৷ উল্লেখযোগ্য যে, প্ৰাঞ্জল মৰাণৰ পৰিয়ালটোক উচিত ন্যায় প্ৰদানৰ দাবীত সততে সৰৱ হৈ পৰিছে প্ৰায়কেইটা জাতীয়-জনগোষ্ঠীয় দল সংগঠন ।

লগতে পঢ়ক: Akhil Gogoi slams Cm Himanta: মুখ্যমন্ত্ৰী শৰ্মাই অসমত মুকলি হত্যালীলা আৰম্ভ কৰিছে; অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.