ডুমডুমা,২৯জুন: বাঘজানৰ অগ্নিকাণ্ডই কাষৰীয়া দিঘলতৰং চাহ বাগিচাৰ চাহ শ্ৰমিক সকলক শংকিত কৰি তুলিছে । যাৰ পৰিপেক্ষিতত সোমবাৰে বাগিচাখনৰ একাংশ লোকে দীঘলতৰং চাহ বাগিচাৰ সমীপত থকা অইল ইণ্ডিয়াৰ ৪ টাকৈ তৈল কূপত চলি থকা কাম-কাজসমূহ বন্ধ কৰাই দিয়ে ।
বাগিচাখনৰ সমীপত থকা এই সমূহ তৈল কূপত যি কোনো মূহুৰ্তত অগ্নিকাণ্ডৰ দৰে ঘটনা সংঘটিত হোৱাৰ আশংকাত ভুগি তৈল কূপ সমূহত অব্যাহত থকা তৈল খনন কাৰ্য্য অনিৰ্দিষ্ট সময়লৈকে বন্ধ কৰে বাগিচাখনৰ শ্ৰমিকসকলে । ইয়াৰোপৰি প্ৰায় ২০ বছৰ ধৰি অইল ইণ্ডিয়াই বাগিচাখনৰ সমীপৰ পৰা অহৰহ তেল-গেছ আহৰণ কৰি আহিছে যদিওঁ বাগিচাখনৰ উন্নয়ণৰ বাবে কোনো উন্নয়নমূলক কাৰ্য্য নকৰাৰ অভিযোগ কৰিছে বাগিচাৰ লোক সকলে ।