ETV Bharat / state

গোলাঘাটৰ যুৱকক কেন্দ্ৰ কৰি কাকপথাৰত কৰ'ণাৰ আতংক

author img

By

Published : Apr 30, 2020, 6:44 PM IST

গোলাঘাট জিলাৰ এজন যুৱকক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে হুৱাদুৱা সৃষ্টি হয় তিনিচুকীয়াৰ কাকপথাৰৰ অন্তৰ্গত 2নং তালপথাৰত ৷ মূলতঃ Covid 19 সংক্ৰমিত ৰেড জ’নৰ পৰা যুৱকজন অহা বাবে অঞ্চলবাসীৰ মাজত এই চাঞ্চল্যৰ সৃষ্টি হয় ৷

suspensional situation created at kakpathar
কাকপথাৰত চাঞ্চল্য সৃষ্টি

শদিয়া,30 এপ্ৰিলঃ সম্প্ৰতি Covid 19 ৰ সংক্ৰমণৰ ৰেড জ’নত অৱস্থান কৰিছে গোলাঘাট জিলা ৷ চৰকাৰে ৰেড জ’নত বসবাস কৰা ব্য়ক্তিসকলৰ যাতায়াতৰ ক্ষেত্ৰত বিশেষ প্ৰতিবন্ধকতা আৰোপ কৰাৰ পিছত বিগত 27 এপ্ৰিলৰ নিশা গোলাঘাটৰ মিঠু গগৈ নামৰ এজন যুৱক কাকপথাৰত উপস্থিত হয় ৷ কাকপথাৰৰ অন্তৰ্গত ২নং তালপথাৰৰ ভূপেন আৰন্ধৰা নামৰ এজন লোকৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰে যুৱকজনে ৷ যুৱকজন সম্পৰ্কে স্থানীয় ৰাইজে জানিব পৰাত মুহুৰ্ততে এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হয় অঞ্চলটোত ৷ সচেতন ৰাইজে বিষয়টো তিনিচুকীয়া জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগক অবগত কৰাত যুৱকজনক কোৱাৰেণ্টাইনৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে স্বাস্থ্য বিভাগে ৷ লগতে আশ্ৰয় গ্ৰহণ কৰা ব্যক্তিগৰাকীৰ পৰিয়ালৰ সদস্যসকলক হোম কোৱাৰেণ্টাইনত থকাৰ নিৰ্দেশ দিয়ে ৷

কাকপথাৰত চাঞ্চল্য সৃষ্টি

লগতে চাওকঃ পথৰ দাঁতিত চলিছে জীৱন সংগ্ৰামৰ অঘোষিত যুঁজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.