ETV Bharat / state

পুনৰ মেছাকী অইল খাদ অনিৰ্দিষ্টকাললৈ বন্ধৰ ঘোষণা

author img

By

Published : Apr 3, 2021, 10:45 AM IST

অইলৰ সৈতে জাতীয় জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ আলোচনা বিফল ৷ মেছাকী অইল খাদ অনিৰ্দিষ্টকাললৈ বন্ধ ৰখাৰ সিদ্ধান্ত বিভিন্ন সংগঠনৰ ৷

পুনৰ মেছাকী অইল খাদ অনিৰ্দিষ্টকাললৈ বন্ধৰ ঘোষণা
পুনৰ মেছাকী অইল খাদ অনিৰ্দিষ্টকাললৈ বন্ধৰ ঘোষণা

শদিয়া,3 এপ্ৰিল : ধলা ছৈখোৱাৰ মেছাকীৰ পৰা খনিজ তেল কঢ়িয়াই আনোতে টেংকাৰৰ খুন্দাত ২৯ মাৰ্চত নিপু ঠাকুলি নামৰ এজন ব্যক্তিৰ মৃত্যু হয় ৷ এই ঘটনাক কেন্দ্ৰ কৰি শুকুৰবাৰে বিভিন্ন জাতীয় জনগোষ্ঠীয় ছাত্ৰ সংগঠন আৰু ৰাইজৰ সৈতে অইল বিষয়া আৰু প্ৰশাসনৰ আলোচনা হয় ৷ তালাপ গাঁও পঞ্চায়তৰ সভাগৃহত অইলে গা এৰা মন্তব্য প্ৰদান কৰাৰ ফলত সভাকক্ষত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ সভাখনত কোনো মীমাংসা নোহোৱাকৈ আলোচনাখনৰ অন্ত পৰে ৷

নিপু ঠাকুলিৰ পৰিয়ালক এককালীল ১ কোটি টকাৰ সাহায্য আৰু পৰিয়ালৰ এজন সদস্যক সংস্থাপনৰ দাবী জনাই আহিছিল যদিও এই ক্ষেত্ৰত অইলৰ কৰ্তৃপক্ষই কোনো প্ৰতিশ্ৰুতি দিব নোৱাৰাত পুনৰ মেছাকী অইল খাদ অনিৰ্দিষ্টকাললৈ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি বিভিন্ন সংগঠনৰ বিষয়ববীয়াই জানিবলৈ দিয়ে ।

লগতে পঢ়ক : চৈৰতান্ত্ৰিক শাসনৰ অভিযোগেৰে হিমন্তৰ দূৰ্গ কপালে ৰূপজ্যোতি কুৰ্মীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.