ETV Bharat / state

পাৰিবাৰিক কন্দলৰ পৰিণতি: পিতৃক দাৰে ঘপিয়াই হত্যা

author img

By

Published : Jun 29, 2021, 6:56 AM IST

পুত্ৰ জগনাথ প্ৰজাই পিতৃ জিতেন প্ৰজাৰ অত্যাচাৰত অতিষ্ঠ হৈ অৱশেষত এই হত্যাকাণ্ড সংঘটিত কৰে ৷ হত্যাকাৰী পুত্ৰ জগনাথ প্ৰজাক ইতিমধ্যে টঙনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

পাৰিবাৰিক কন্দলৰ পৰিণতি: পিতৃক দাৰে ঘপিয়াই হত্যা
পাৰিবাৰিক কন্দলৰ পৰিণতি: পিতৃক দাৰে ঘপিয়াই হত্যা

শদিয়া, 29 জুন : তিনিচুকীয়া (Tinsukia) জিলাৰ কাকপথাৰৰ টঙনা আৰক্ষী থানা (Police Station)ৰ অৰ্ন্তগত টঙনা চাহ বাগিছাৰ 18 নং লাইনত সোমবাৰে সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড ৷ পুত্ৰই নিজ গৃহতে দাৰে ঘপিয়াই হত্যা কৰে পিতৃক ৷ পাৰিবাৰিক বিবাদতে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷ টঙনা আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী পুত্ৰ জগনাথ প্ৰজাক (20) ৷

জগনাথ প্ৰজাই (20) চাহপাতৰ গছত কলম দিয়া দাৰে ঘপিয়াই নিশংসভাৱে হত্যা কৰে পিতৃ জিতেন প্ৰজাক (45) ৷ ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাছতেই টঙনা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ জগনাথ প্ৰজাক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে লগতে জিতেন প্ৰজাৰ মৃতদেহটো টঙনা আৰক্ষী থানালৈ লৈ আনে ৷

জিতেন প্ৰজাই দীৰ্ঘদিন ধৰি পত্নী, কন্যা আৰু পুত্ৰক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰি আহিছিল বুলি জানিব পৰা হৈছে ৷ পিতৃৰ অত্যাচাৰত অতিষ্ঠ হৈ পুত্ৰ জগনাথ প্ৰজাই অৱশেষত এই হত্যাকাণ্ড (Murder)টো সংঘটিত কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Cyber Crime নিয়ন্ত্ৰণ কৰিবলৈ অসম আৰক্ষীত নতুন সংযোজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.