ETV Bharat / state

ৰাজ্যৰ শিক্ষা সমস্যাৰ ওপৰত কি কয় ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে ? - high course fee

তিনিচুকীয়াত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল ৷ সাম্প্ৰতিক সময়ত ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ কেতবোৰ ভয়াৱহ সমস্যাৰ ওপৰত এই সংবাদমেল যোগে আলোকপাত কৰে সংগঠনটোৰ বিষয়ববীয়া সকলে ৷

smss press meet on problems in education sector of the state
ৰাজ্যৰ শিক্ষা সমস্যাৰ ওপৰত কি কয় ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে
author img

By

Published : Jul 13, 2021, 9:59 PM IST

তিনিচুকীয়া, 13 জুলাই : মঙলবাৰে তিনিচুকীয়াৰ অসম সাহিত্য সভা ভৱনত বিদ্যালয়-মহাবিদ্যালয়সমূহৰ আসন বৃদ্ধিৰ লগতে বিশ্ববিদ্যালয়সমূহৰ সমস্যা সমাধানৰ ওপৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি(SMSS), তিনিচুকীয়া জিলা সমিতিয়ে এখন সংবাদমেল আয়োজন কৰে ৷ সংবাদমেল যোগে সংগঠনটোৰ বিষয়ববীয়া সকলে জনায় যে, বৰ্তমান সময়ত অসমৰ শিক্ষা ব্যৱস্থা এক অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰিছে ৷ বৰ্তমান সময়ত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ মূল্যাংকন পদ্ধতিৰ যোগেদি ৰাজ্যত বহু সংখ্যক ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ'ব ৷

ক'ভিড পৰিস্থিতিত ছাত্ৰ-ছাত্ৰী সকল উচ্চ শিক্ষাৰ পৰা বঞ্চিত নহ’বৰ বাবে ৰাজ্যৰ প্ৰতিখন চৰকাৰী মহাবিদ্যালয়তে আসনৰ সংখ্যা বৃদ্ধি কৰাৰ দাবী কৰে ৷ সমান্তৰালকৈ অসমৰ ৰাজ্যপালে এখন নিৰ্দেশনাৰ জৰিয়তে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ দোহাই দি ৰাজ্যৰ তিনিখনকৈ স্বায়ত্বশাসিত মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰম বাতিল কৰাৰ সিদ্ধান্তৰো বিৰোধিতা কৰে সংগঠনটোৱে । ক'ভিড মহামাৰীৰ ভয়াৱহতাৰ মাজতেই ৰাজ্যৰ তিনিখন স্বায়ত্বশাসিত মহাবিদ্যালয়ৰ উচ্চ মাধ্যমিক শ্ৰেণী কৰ্তনৰ বাবে ৰাজ্যপালৰ নিৰ্দেশে ছাত্ৰ-ছাত্ৰীক এক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিব বুলিও মন্তব্য কৰে বিষয়ববীয়া সকলে।

বিগত সময়ত দেখা গৈছিল যে হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC)ত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ তুলনাত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় তথা মহাবিদ্যালয় সমূহত আসনৰ সংখ্যা কম । ফলত পৰ্যাপ্ত আসনৰ অভাৱত বহু ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হোৱাৰ পাছতো উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ’ব লগীয়া হয় ।

ৰাজ্যৰ শিক্ষা সমস্যাৰ ওপৰত কি কয় ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে

এইবেলি পূৰ্বৰ পৰীক্ষাৰ ভিত্তিত শিক্ষান্ত পৰীক্ষাৰ মূল্যায়নৰ জৰিয়তে পৰৱৰ্তী শিক্ষাবৰ্ষৰ নামভৰ্তিৰ বাবে নানা বেমেজালিৰ সৃষ্টি হোৱাৰ আশংকা দেখা দিছে ৷ গতিকে, এনে সময়ত ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান সমূহত আসন বৃদ্ধিৰ বিপৰীতে আসন হ্ৰাস কৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক ৰাহুল ছেত্ৰীয়ে । ইয়াৰোপৰি, লকডাউনৰ ফলত আৰ্থিকভাৱে বিপৰ্যস্ত পৰিয়ালসমূহৰ বহু ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী শিক্ষানুষ্ঠানত আসনৰ পৰা বঞ্চিত হৈ ব্যক্তিগত শিক্ষানুস্থাত অধ্যয়ন কৰাটো অসুবিধাৰ সৃষ্টি হ’ব বুলিও তেওঁ মন্তব্য কৰে ।

ইফালে, ১৯৬৫ চনতে স্থাপিত অসমৰ উচ্চশিক্ষাৰ ক্ষেত্ৰখনত অগ্ৰণী ভূমিকা পালন কৰি অহা ডিব্ৰুগড় বিশ্ববিদ্যালয়ে(Dibrugarh university) বছৰ বছৰ ধৰি ভোগ কৰি অহা সমস্যা সমূহৰ ক্ষেত্ৰতো সোচ্চাৰ হৈ পৰে সংগঠনটো ৷ তেওঁলোকে কয় যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ে দেশৰ মানৱ সম্পদৰ বিকাশৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ কিন্তু, আজিও বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী তথা কৰ্মচাৰী সকলে নানা সমস্যা ভোগ কৰি আহিছে ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ২০০৮ চনতে স্থাপন কৰা ১৭ টা অধ্যয়ন কেন্দ্ৰত আজিলৈকে অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কেন্দ্ৰত উচ্চ হাৰত মাছুল পৰিশোধ কৰি অধ্যয়ন কৰি থাকিব লগা হৈছে ৷

অতি সোনকালে অধ্যয়ন কেন্দ্ৰ সমূহ বিভাগলৈ উন্নীতকৰণৰ ব্যৱস্থা কৰা আৰু অতি কম সময়তে কাৰ্যকৰী হোৱাকৈ অধ্যয়ন কেন্দ্ৰসমূহৰ উচ্চ হাৰত পৰিশোধ কৰিব লগা মাছুল হ্ৰাস কৰাৰ দাবী জনায় ছাত্ৰ সংগঠনটোৱে । লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কাৰিকৰী আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠান(DUIET)ৰ ছাত্ৰ-ছাত্ৰী সকলে ভোগ কৰি অহা উচ্চহাৰৰ মাছুল পৰিশোধ(high course fee)ৰ সমস্যাৰ পৰা ছাত্ৰ-ছাত্ৰী সকলক অতি সোনকালে মুক্ত কৰিবৰ বাবে দাবী জনায় ৷

ইয়াৰ লগতে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ভেষজ বিজ্ঞান বিভাগ ( Department of Pharmaceutical Science) ৰ নামভৰ্তিৰ মাচুল হ্ৰাস কৰিব লাগে বুলিও মত পোষণ কৰে সংগঠনটোৱে ৷ ৰাজ্যত প্ৰতিবছৰে শ শ ছাত্ৰ-ছাত্ৰীয়ে ভেষজ বিজ্ঞান বিভাগত উত্তীৰ্ণ হয় যদিও ছাত্ৰ-ছাত্ৰী সকলে কৰ্ম সংস্থাপনৰ সমস্যাত ভুগিব লগা হয় ৷ তেনে ক্ষেত্ৰত ৰাজ্যত ৫ খন নতুনকৈ ভেষজ বিজ্ঞান বিভাগৰ প্ৰতিষ্ঠান মুকলি কৰিবৰ বাবে দাবী জনাই সংগঠনটোৱে ৷

লগতে পঢ়ক : ভুল চিকিৎসাৰ অভিযোগ : পুনৰ বিতৰ্কত ডাঃ ছফিকুল ইছলাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.