ETV Bharat / state

Jal Jeevan Mission: জল জীৱন মিছনে জলা-কলা খুৱাইছে তালাপবাসীক

author img

By

Published : Feb 28, 2023, 6:19 PM IST

Updated : Mar 1, 2023, 10:31 AM IST

তিনিচুকীয়া জিলাৰ ছৈখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত তালাপ আহুবাৰী পকা লাইনত লেহেমীয়া গতিৰে জল জীৱন মিছনৰ কাম আগবঢ়াত ক্ষোভ ৰাইজৰ (Jal Jeevan Mission at Talap)। ঠিকাদাৰে ৰাইজৰ আহ্বানকো গুৰুত্ব নিদিয়াৰ অভিযোগ ।

Public grievances against Contractor at Tinsukia
আহুবাৰী পকা লাইনত লেহেমীয়া গতিৰে জল জীৱন মিছনৰ কাম

তিনিচুকীয়া, ২৮ ফেব্ৰুৱাৰী: ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ ৰাইজে যাতে বিশুদ্ধ খোৱা পানী লাভ কৰিব পাৰে সেই উদ্দেশ্যে জনস্বাস্থ্য কাৰিকৰী বিভাগে জল জীৱন মিছন আঁচনিৰ কাম ক্ষিপ্ৰতাৰে আৰম্ভ কৰিছে (Slow pace of Jal Jeevan Mission at Tinsukia)। ইতিমধ্যে কেইবাখনো জিলাত সম্পূৰ্ণ কৰিছে বহু প্ৰকল্প ৷ তাৰ মাজতে তিনিচুকীয়া জিলাৰ ছৈখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত তালাপ আহুবাৰী পকা লাইনত নিৰ্মাণ হৈ থকা জল জীৱন মিছনৰ কাম আজিপৰ্যন্ত সম্পূৰ্ণ নোহোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ৰমেন মৰাণ নামৰ ঠিকাদাৰজনে অতি লেহেমীয়া গতিত চলাই আহিছে নিৰ্মাণ কাৰ্য (Public grievances against Contractor at Tinsukia)। যাৰ বাবে তালাপ আহুৱাৰী পকা লাইনত নিৰ্মাণ হৈ থকা এই জল জীৱন মিছনৰ পাইপ লাইন বহুওৱাৰ উদ্দেশ্যে খন্দা নলা এতিয়া শংকাৰ কাৰণ হৈ পৰিছে । স্থানীয় ৰাইজে উল্লেখ কৰা মতে, উক্ত জল জীৱন মিছন প্ৰকল্পৰ ঠিকাদাৰ মৰাণে তিনিমাহ পূৰ্বেই পাইপ লাইনৰ বাবে নলা খান্দিছিল যদিও আজি পৰ্যন্ত উক্ত নলা সমূহ উন্মুক্তভাৱে আছে ৷ যাৰ কাৰণে অঞ্চলটোৰ কণ কণ ছাত্ৰ-ছাত্ৰীলৈ শংকা আহি পৰিছে ৷

উন্মুক্তভাৱে খান্দি থোৱা নলাত পৰি বিপদ হ'ব বুলি শংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । উদ্বেগৰ কাৰণ হৈ পৰা উক্ত জল জীৱন মিছনৰ কাম শীঘ্ৰেই সমাপন কৰিবলৈ স্থানীয় ৰাইজৰ লগতে চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃত্বই দাবী জনাইছে । অন্যথা চৰম অসন্তুষ্টি প্ৰকাশ কৰি থকা স্থানীয় ৰাইজে এই ক্ষেত্ৰত নিজাববীয়াকৈ ব্যবস্থা গ্ৰহণ কৰিব বুলি সঁকিয়াই দিছে । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ঠিকাদাৰ ৰমেন মৰাণ ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলীন চেতিয়াৰ অতি ঘনিষ্ঠ হোৱাৰ বাবেই ৰাইজক চৰম অসুবিধাৰ মাজলৈ ঠেলি দিছে ।

ৰাইজক দাবীক গুৰুত্ব প্ৰদান নকৰি জলজীৱন আচঁনিৰ কাম অতি লেহেমীয়া গতিৰে চলাই আহিছে বুলিও অভিযোগ উঠিছে । যি সময়ত জিলা প্ৰশানৰ তৰফৰ পৰা চৰকাৰী আঁচনি যেনে জল জীৱন মিছন,অমৃত সৰোবৰকে আদি কৰি বিভিন্ন আঁচনি ক্ষিপ্ৰতাৰে সম্পন্ন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে তেনে সময়ত নলা খান্দি তিনি মাহ পৰ্যন্ত পেলাই ৰাখি স্থানীয় কণ কণ ছাত্ৰ-ছাত্ৰীলৈ ভাবুকি কঢ়িয়াই অনা ঠিকাদাৰৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব সেয়া লক্ষণীয় হ'ব (Amrit Sarovar) ৷

লগতে পঢ়ক:Rowta Encounter Case : এনকাউণ্টাৰত নিহতৰ মৃতদেহ ডিম্বেশ্বৰ মুছাহাৰীৰ, পৰিয়ালৰ চিনাক্তকৰণ

Last Updated : Mar 1, 2023, 10:31 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.