ETV Bharat / state

কলিতা জনগোষ্ঠীৰ সমস্য সমাধানৰ দাবীৰে 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট

author img

By

Published : Nov 8, 2020, 1:35 PM IST

কাকপথাৰত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট ৷ কলিতা জনগোষ্ঠীৰ সমস্যা সমাধানৰ দাবীৰে এই প্ৰতিবাদ ৷ কলিতাসকলক জনজাতিকৰণৰ লগতে কলিতা সকলৰ বাবে স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবী ৷ দাবী মানি নল’লে ভোট বৰ্জনৰ হুংকাৰ ৷

কলিতা জনগোষ্ঠীৰ সমস্য সমাধানৰ দাবীৰে 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট
কলিতা জনগোষ্ঠীৰ সমস্য সমাধানৰ দাবীৰে 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট

শদিয়া, 8 নৱেম্বৰ : কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ লগতে কলিতা লোক সকলে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা সমস্যা সমাধানৰ দাবীৰে কাকপথাৰত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ শীঘ্ৰে সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৷ কলিতা জনগোষ্ঠী যুৱ-ছাত্ৰ পৰিষদ কাকপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত কাকপথাৰ অসমীয়া দুৰ্গা পূজা মন্দিৰৰ প্ৰাঙ্গনত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷

শতাধিক ৰাইজে এই প্ৰতিবাদত অংশ লৈ অসমৰ কলিতা সকলক জনজাতিকৰণ কৰাৰ লগতে কলিতা সকলৰ বাবে স্বায়ত্ত শাষিত পৰিষদ আৰু কলিতা উন্নয়ন পৰিষদৰ সদস্যৰ সংখ্যা ৪৫জনলৈ বৃদ্ধি কৰাৰ বাবে দাবী উত্থাপন কৰে ৷ শীঘ্ৰেই এই দাবীসমূহ পূৰণ কৰাৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰক দাবী জনাই প্ৰতিবাদকাৰী সকলে কয় যে এইক্ষেত্ৰত চৰকাৰে শীঘ্ৰে কোনো ব্যৱস্থা গ্ৰহন নকৰিলে তেওঁলোকে ভোট বৰ্জনৰ দৰে কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব ৷

কলিতা জনগোষ্ঠী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতা ধৰণী শইকীয়া, সুৰুজ তালুকদাৰ, কলিতা মহিলা পৰিষদৰ মিনা বৰ্মন, নমিতা বৰ্মনকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ নেতাই এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক: ডিব্ৰুগড়ত বজাৰ নিয়ন্ত্ৰণত নামিছে যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.