তিনিচুকীয়া, 26 জুলাই : তিনিচুকীয়াত ক’ভিড-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ মৃতদেহ সৎকাৰৰ নামত দৰদাম । ক’ভিড-19 আক্ৰান্ত ৰোগীৰ মৃতদেহ সৎকাৰ কৰাৰ নামত 15 হাজাৰ টকা বিচাৰিলে তিনিচুকীয়াৰ পৌৰসভাই । টকা নিদিলে সৎকাৰ নকৰাৰ হুংকাৰ তিনিচুকীয়া পৌৰসভাৰ কৰ্মীৰ ।
শুকুৰবাৰে ক’ভিড-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা তিনিচুকীয়াৰ ৰজাআলি পথৰ জাণ্টু দে নামৰ লোক জনৰ মৃতদেহ সৎকাৰৰ বাবে পৰিয়ালৰ লোকৰ পৰা টকা বিচৰাৰ অভিযোগ পৰিয়ালৰ । ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু বৰণ কৰা লোকজনৰ মৃতদেহ তিনিচুকীয়াৰ ৰাজহুৱা শ্মশানত সৎকাৰ কৰাৰ বাবদ পৰিয়ালৰ অভিযোগ অনুসৰি 15 হাজাৰ টকা দাবী কৰিছিল পৌৰসভাৰ কৰ্মীয়ে ।
ইফালে পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি, তিনিচুকীয়াৰ এখন সুৰাৰ দুকানত কৰ্মৰত জাণ্টু দেৰ মৃতদেহ সৎকাৰৰ বাবদ পৌৰসভাই দাবী কৰা টকা দিবলৈ অপাৰগ হোৱাত মৃতদেহ শ্মশানতে পেলাই ৰখাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়াল লোকে ।
অৱশেষত স্থানীয় বিভিন্নজনৰ পৰা সহায়ৰ হাত বিচাৰি শ্মশানখনৰ চুইপাৰৰ সহায়ত মৃতদেহ সৎকাৰ কৰে পৰিয়ালৰ লোকে ।
লগতে চাওক-প্ৰতিৰোধ ক্ষমতা বৃদ্ধি : খাইছে নে এই ছয় বিধ বস্তু ?