ETV Bharat / state

লাইকা-দধিয়াবাসীক সংস্থাপন: চিন্তিত ৰাইজ - ৰাজ্য চৰকাৰ দ্বাৰা লাইকা-দধীয়া বাসীক

1999 চনতেই বান বিধ্বস্ত লোকসকলক চৰকাৰে নামফাই অৰুণোদই সোণোৱাল গাঁৱত এক বিঘাকৈ মাটি প্ৰদান কৰি সংস্থাপনৰ ব্যৱস্থা কৰিছিল । ইয়াৰ পিছত বন বিভাগে এই লোকসকলক পৰিয়াল পোহপাল দিবৰ বাবে মৰা খাৰচাং আৰু নামচিক নৈৰ মাজত থকা টাপুত খেতি-বাতি কৰিবলৈ অনুমতি দিছিল । তেতিয়াৰে পৰা এই লোকসকলে নামফাই টাপুত বিভিন্ন ধৰণৰ শাক-পাচলি খেতি কৰি পৰিয়াল পোহপাল দিয়াৰ উপৰিও জীৱিকা নিৰ্বাহ কৰি আহিছিল ।

লাইকা-দধিয়াবাসীক সংস্থাপন
লাইকা-দধিয়াবাসীক সংস্থাপন
author img

By

Published : Feb 13, 2021, 8:08 AM IST

মাৰ্ঘেৰিটা,13 ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰৰ দ্বাৰা লাইকা-দধিয়াবাসীক ডিগবৈ বন সংমণ্ডলৰ জাগুন বন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত নামফাই সংৰক্ষিত বনাঞ্চলৰ নামফাই টাপুত পূৰ্ণ সংস্থাপন দিবলৈ লোৱা বিষয় সৰ্ন্দভত সৃষ্টি হৈছে তীব্র প্ৰতিক্ৰিয়াৰ ৷ বিশেষকৈ চিন্তিত হৈ পৰিছে নামফাই অৰুণোদই সোণোৱাল গাঁৱৰ ৰাইজ । জীৱিকা অর্জনৰ একমাত্ৰ ভূমি হেৰুৱাৰ উপক্ৰমত দিনে-নিশাই উজাগৰে থাকি চিন্তিত হৈ পৰিছে গাঁৱৰ ৰাইজসকল ।

উল্লেখ্য যে, 1999 চনতেই বান বিধ্বস্ত লোকসকলক চৰকাৰে নামফাই অৰুণোদই সোণোৱাল গাঁৱত এক বিঘাকৈ মাটি প্ৰদান কৰি সংস্থাপনৰ ব্যৱস্থা কৰিছিল । ইয়াৰ পিছত বন বিভাগে এই লোকসকলক পৰিয়াল পোহপাল দিবৰ বাবে মৰা খাৰচাং আৰু নামচিক নৈৰ মাজত থকা টাপুত খেতি-বাতি কৰিবলৈ অনুমতি দিছিল । তেতিয়াৰে পৰা এই লোকসকলে নামফাই টাপুত বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি কৰি পৰিয়াল পোহপাল দি আহিছে ৷

লাইকা-দধিয়াবাসীক সংস্থাপন

বৰ্তমান ৰাজ্য চৰকাৰে টাপুত লাইকা-দধিয়াবাসীক সংস্থাপন দিয়াৰ বাবে গ্ৰহণ কাৰ সিদ্ধান্তত চিন্তিত হৈ পৰিছে এই দুখীয়া লোকসকল । এই লোকসকলৰ অসম চৰকাৰৰ প্ৰতি এটাই অনুৰোধ, নামফাই টাপুত লাইকা-দধিয়াবাসীক যাতে সংস্থাপনৰ ব্যৱস্থা নকৰি অসমৰ অন্য প্ৰান্তত সংস্থাপনৰ ব্যৱস্থা কৰে ৷ নহ’লে নামফাই টাপুত দীৰ্ঘদিন ধৰি খেতি কৰি জীৱিকা নিৰ্বাহ কৰা এই লোকসকলৰ জীৱনলৈ কাল অমানিশা নামি আহিব ৷

লগতে পঢ়কঃ নামনি সোৱণশিৰিৰ নদী বান্ধে উত্তৰাখণ্ডৰ চামোলিৰ ৰূপ ধাৰণ কৰিব নেকি অসমতো !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.