শদিয়া,24আগষ্টঃ শনিবাৰে শদিয়াৰ বনাঞ্চলিক বিষয়া বিবিট দিহিঙীয়াৰ নেতৃত্বত যোৱা এটা চাৰি জনীয়া দলে শদিয়া ভীম চাপৰি অঞ্চলৰ পৰা ব্ৰহ্মপুত্ৰৰ নৈৰ পাৰত কেইবা লক্ষাধিক টকাৰ চোৰাং খয়েৰ কাঠ জব্দ কৰে । উক্ত খয়েৰ কাঠ সমূহ কোনো কাঠ মাফিয়াই অৰুণাচল প্ৰদেশৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকোৱেদি আনি অন্য স্থানলৈ নিবৰ বাবে নৈৰ পাৰত মজুত কৰি ৰখা অৱস্থাতে পুৱা প্ৰায় চাৰি মান বজাত জব্দ কৰে দলটোৱে ৷ এক খবৰৰ ভিত্তিত শদিয়াৰ বনাঞ্চলিক বিষয়া বিবিট দিহিঙীয়াৰ নেতৃত্বত চাৰি জনীয়া এটা দলে ক্ৰমে বীট অফিচাৰ চুৰামনি গজৰেল , বনৰক্ষী অমলামদীপ খাটোৱাল , কনিষ্টবল ধীৰাজ বৰা আৰু গোপাল ভূঞাই এই চোৰাং খয়েৰ কাঠ সমুহ জব্দ কৰিবলৈ সক্ষম হয় ৷ এই চাৰি গৰাকী বিষয়া কৰ্মচাৰীয়ে সাহসিকতাৰে তেৰ মাইল নাৱেঁৰে ভীম চাপৰিলৈ গৈ থকাৰ খবৰ পাই কাঠ মাফিয়াৰ শ্ৰমিক সকল পলায়ন কৰে । ইতিমধ্যে শদিয়া বন বিভাগে জব্দ কৰা খয়েৰ কাঠ সমূহ পাঁচখন টেক্টৰে বন বিভাগৰ কায্যলয়লৈ অনাৰ ব্যৱস্থা কৰিছে ।
শদিয়াৰ ভীম চাপৰিত জব্দ লক্ষাধিক টকাৰ খয়েৰ কাঠ - seized illegal wood
বনাঞ্চলিক বিষয়াৰ নেতৃত্বত চাৰিজনীয়া দলে জব্দ কৰিলে লক্ষাধিক টকাৰ চোৰাং খয়েৰ কাঠ ৷ পলাই সাৰিবলৈ সক্ষম কাঠমাফিয়া ৷
শদিয়া,24আগষ্টঃ শনিবাৰে শদিয়াৰ বনাঞ্চলিক বিষয়া বিবিট দিহিঙীয়াৰ নেতৃত্বত যোৱা এটা চাৰি জনীয়া দলে শদিয়া ভীম চাপৰি অঞ্চলৰ পৰা ব্ৰহ্মপুত্ৰৰ নৈৰ পাৰত কেইবা লক্ষাধিক টকাৰ চোৰাং খয়েৰ কাঠ জব্দ কৰে । উক্ত খয়েৰ কাঠ সমূহ কোনো কাঠ মাফিয়াই অৰুণাচল প্ৰদেশৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকোৱেদি আনি অন্য স্থানলৈ নিবৰ বাবে নৈৰ পাৰত মজুত কৰি ৰখা অৱস্থাতে পুৱা প্ৰায় চাৰি মান বজাত জব্দ কৰে দলটোৱে ৷ এক খবৰৰ ভিত্তিত শদিয়াৰ বনাঞ্চলিক বিষয়া বিবিট দিহিঙীয়াৰ নেতৃত্বত চাৰি জনীয়া এটা দলে ক্ৰমে বীট অফিচাৰ চুৰামনি গজৰেল , বনৰক্ষী অমলামদীপ খাটোৱাল , কনিষ্টবল ধীৰাজ বৰা আৰু গোপাল ভূঞাই এই চোৰাং খয়েৰ কাঠ সমুহ জব্দ কৰিবলৈ সক্ষম হয় ৷ এই চাৰি গৰাকী বিষয়া কৰ্মচাৰীয়ে সাহসিকতাৰে তেৰ মাইল নাৱেঁৰে ভীম চাপৰিলৈ গৈ থকাৰ খবৰ পাই কাঠ মাফিয়াৰ শ্ৰমিক সকল পলায়ন কৰে । ইতিমধ্যে শদিয়া বন বিভাগে জব্দ কৰা খয়েৰ কাঠ সমূহ পাঁচখন টেক্টৰে বন বিভাগৰ কায্যলয়লৈ অনাৰ ব্যৱস্থা কৰিছে ।
শদিয়া :: আজি পুৱা প্ৰায় চাৰি মান বজাত শদিয়াৰ বনাঞ্চলিক বিষয়া বিবিট দিহিঙিয়াৰ নেতৃত্বত যোৱা এটা চাৰি জনীয়া দলে শদিয়া ভিম চাপৰি অঞ্চলৰ পৰা ব্ৰহ্মপুত্ৰৰ নৈৰ পাৰত কেইবা লক্ষ্যাধীক টকাৰ খয়েৰ কাঠ জব্দ কৰে । কাঠ মাফিয়াই উক্ত খয়েৰ কাঠ সমূহ অৰুনাচল প্ৰদেশৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকোৱেদি আনি অন্য স্থানলৈ নিবৰ বাবে নৈৰ পাৰত মজুত কৰি ৰাখিছিল ।। আজি পুৱা এক খবৰৰ ভিত্তিত শদিয়াৰ বনাঞ্চলিক বিষয়া বিবিট দিহিঙিয়াৰ নেতৃত্বত চাৰি জনীয়া এটা দলে ক্ৰমে বীট অফিচাৰ চুৰামনি গজৰেল , বনৰক্ষী অমলামদিপ খাটুৱাল , কনিষ্টবল ধীৰাজ বৰা আৰু গোপাল ভূঞা এই চোৰাং খয়েৰ কাঠ সমুহ জব্দ কৰিবলৈ সক্ষম হয় ৷ এই চাৰি গৰাকী বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে সাহসীকতাৰে তেৰ মাইলৰ ব্ৰহ্মপুত্ৰৰ ভিম চাপৰিলৈ গৈ এই খয়েৰ কাঠ সমূহ জব্দ কৰাত ৰাইজে সন্তুষ্টি লাভ কৰিছে । বন বিভাগৰ দল যোৱাৰ উমান পাই কাঠ মাফিয়াৰ শ্ৰমিক সকল পলায়ন কৰিবলৈ সক্ষম হয় । ইতিমধ্যে শদিয়া বন বিভাগে জব্দ কৰা খয়েৰ কাঠ সমূহ পাঁচখন টেক্টৰে বন বিভাগৰ কায্যলয় লৈ অনাৰ ব্যৱস্থা কৰিছে ।।
Body:Byte : 1/ Forest Officer, Sadiay officeConclusion:Mintu Talukdar
Sadiya