শদিয়া, 8 নৱেম্বৰঃ সমাজত দিনক দিনে যেন অৱক্ষয় ঘটিছে মানৱীয়তাৰ ! সভ্য সমাজক কলংকিত কৰা এনে ঘটনা সংঘটিত হ'ল কাকপথাৰ থানাৰ অন্তৰ্গত হাঁহখাটি পথাৰ গাৱঁত ৷ নিজ সন্তানেই হানি-খুচি অতি নৃশংস ভাৱে হত্যা কৰিলে পিতৃক ৷ 26 বছৰীয়া মনজয় গগৈ নামৰ যুৱক জনে নিজ গৃহতে পিতৃ নিয়ানন্দ গগৈক হত্যা কৰাৰ লগতে মাতৃকো দাৰে ঘপিয়াই আহত কৰে ৷
আৰক্ষীয়ে জনোৱা অনুসৰী ঘৰুৱা কন্দলৰ বাবেই এই নৃশংস আৰু লোমহৰ্ষক ঘটনাটো সংঘটিত হ'বলৈ পালে ৷ নিশা প্ৰায় 11 মান বজাত সুৰাৰ ৰাগীত পুত্ৰ মনজয় গগৈয়ে সুৰাৰ ৰাগীত মাতাল হৈ ঘৰলৈ আহে ৷ তাৰ পিছতেই পিতৃ-মাতৃৰ লগত সূত্ৰপাত হয় কাজিয়াৰ ৷ এই কন্দলৰ অচিলা লৈয়েই মনজয়ে মাকক শাৰিৰীকভাৱে প্ৰহাৰ কৰিবলৈ ধৰে,সেই সময়তে পিতৃয়ে মাকক পুত্ৰৰ প্ৰহাৰৰ পৰা ৰক্ষা কৰিবলৈ যাওতেই কুঠাৰেৰে পিতৃকো উপৰ্যুপৰি প্ৰহাৰ কৰে ৷ পুত্ৰৰ চোকা অস্ত্ৰৰ নিৰ্মম প্ৰহাৰত 50 বৰ্ষীয় পিতৃৰ মূৰ,মুখমণ্ডল আৰু কান্ধৰ বাওঁ অংশ চিন্ন-বিচিন্ন হৈ থিতাতে প্ৰাণ হেৰুৱাই ৷
চুবুৰীয়াই ঘটনা সম্পৰ্কে স্থানীয় আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও হত্যাকাৰী মনজয় গগৈয়ে পলায়ন কৰে ৷ হত্যাকাৰী যুৱকজনক বিচাৰি আৰক্ষীয়ে তালাচী অব্যাহত ৰখিছে ৷
লগতে চাওকঃওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পোহনীয়া হাতীয়ে নষ্ট কৰিলে কৃষিভূমি