ETV Bharat / state

শদিয়াত মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰীৰ - জলসম্পদ মন্ত্ৰী

তিনিচুকীয়া জিলাৰ ধলা টাউনৰ কাষতে লাগি থকা বান্ধৰ মাজৰ কিছু অংশ একেবাৰে শোচনীয় হৈ পৰাত সংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ বান্ধটো নিৰ্মাণ কৰা আজি প্ৰায় 50 বছৰ অতিক্ৰম কৰিলে কিন্তু আজিকোপতি বান্ধটো মেৰামতি কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষৰ লগতে জলসম্পদ বিভাগে ৷

শদিয়াত মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰীৰ

author img

By

Published : Jun 23, 2021, 11:03 AM IST

শদিয়া, 23 জুন : ৰাজ্যত দ্বিতীয় বাৰলৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (himanta biswa sarma) নেতৃত্বত দায়িত্বভাৰ লৈ বিশেষকৈ ৰাজ্যৰ কিছু জলন্ত সমস্যাক লৈ তৎপৰ হৈ পৰিছে ৷ তেনে এক ৰাজ্যৰ জলন্ত সমস্যা হ’ল বান আৰু গৰাখহনীয়া ৷ শেহতীয়াকৈ পীয়ুষ হাজৰিকাই (pizus hazarika) জলসম্পদ মন্ত্ৰীৰ দায়িত্বভাৰ পোৱাৰ পাচতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত থকা মথাউৰি সমূহৰ লগতে বান বিধ্বস্ত অঞ্চল সমূহ পৰিদৰ্শন কৰি আছে ৷ তাৰমাজতে মঙলবাৰে উজনি অসমৰ তিনিচুকীয়াত উপস্থিত হৈ শদিয়াৰ বিভিন্ন ঠাইৰ গৰা খহনীয়াৰ লগতে বান বিধ্বস্ত এলেকা সমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৷

উল্লেখযোগ্য যে, তিনিচুকীয়া জিলাৰ ধলা টাউনৰ কাষতে লাগি থকা বান্ধৰ মাজৰ কিছু অংশ একেবাৰে শোচনীয় হৈ পৰাত সংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ মনকৰিবলগীয়া যে, বান্ধটো নিৰ্মাণ কৰা আজি প্ৰায় 50 বছৰ অতিক্ৰম কৰিলে কিন্তু আজিকোপতি বান্ধটো মেৰামতি কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষৰ লগতে জলসম্পদ বিভাগে ৷ যাৰ ফলত এতিয়া পানী বাঢ়িলেই সংকতি হৈ পৰে অঞ্চলটোৰ সাধাৰণ জনতা কিয়নো বান্ধটোৰ বিভিন্ন অংশ এতিয়াও একেবাৰে শোচনীয় হৈ পৰিছে ৷

শদিয়াত মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰীৰ

মঙলবাৰে মন্ত্ৰী গৰাকীয়ে তিনিচুকীয়াৰ জিলাৰ বিভিন্ন মথাউৰি পৰিদৰ্শন কৰি উপস্থিত হয় ধলা টাউনৰ মাছ বজাৰৰ সমীপত লাগি থকা বান্ধটোত ৷ তাৰপাচতে বান্ধটোৰ পূৱ আৰু পশ্চিম দিশৰ অৱস্থা বুজ ল’বলৈ জলসম্পদ বিভাগক (Water Resources Minister) নিৰ্দেশ দিয়ে ৷ লগতে স্থানীয় বিধায়ক বলিন চেতিয়াক এই সমস্যাটোৰ ওপৰত নজৰ দিবলৈ আহ্বন জনাইছে সাধাৰণ জনতাই ৷

অতিশীঘ্ৰে এই বান্ধটোৰ মেৰামতি কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে কিয়নো এইবাৰ বাৰিষাত বাঢ়নি পানীয়ে বান্ধটো ভাঙি পেলোৱাৰ সম্ভাৱনা অধিক আছে ৷ উক্ত বান্ধটো ভাঙিলে দুইকোৰিৰো অধিক গাঁও জলমগ্ন হোৱাৰ আশংকা আছে ৷ যাৰ ফলত অঞ্চলটোৰ খেতিয়ক সকলৰ লগতে সাধাৰণ জনতাৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হ’ব ৷

এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও বহুটো মথাউৰিৰ (embankment) লগতে বান্ধ সমূহ উন্মুক্ত হৈ আছে ৷ বাৰিষাৰ পূৰ্বে যদি জলসম্পদ বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে উক্ত অঞ্চলসমূহত এইবাৰ যে বানে বিভিষীকাৰ সৃষ্টি কৰিব সেয়া প্ৰায় নিশ্চিত ৷ উল্লেখযোগ্য যে, যি সময়ত ঠিকাদাৰ সমূহক মথাউৰি সমূহ নিৰ্মাণ কৰিবলৈ আৱন্টন দিয়া হয় তেওঁলোকে মথাউৰি সমূহৰ নিৰ্মাণৰ কাম সময়মতে নকৰাৰ ফলতে বান বিধ্বস্ত অঞ্চল সমূহত জনসাধৰণ বিপদত পৰে ৷

গতিকে সময় থাকোতে জলসম্পদ বিভাগে এই সমূহ নিৰীক্ষণ কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে সাধাৰণ জনতাই ৷ অন্যাথা বিপদত পৰিব লগীয়া বান বিধ্বস্ত অঞ্চলৰ লোক সকল প্ৰতিবছৰে ৷

লগতে পঢ়কঃ ধুবুৰীত জৰাজীৰ্ণ আৰক্ষী চকী পৰিদৰ্শন আৰক্ষী অধীক্ষকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.